বৰ্ধিত নিৱনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জি আই এম টি, তেজপুৰৰ উদ্যোগত পকামিস্ত্ৰীৰ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন

GIMT

জি আই এম টি, তেজপুৰ

তেজপুৰৰ ডেকাৰগাঁওত অৱস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰৰ উদ্যোগত অসমৰ নিৱনুৱা যুৱক সকলৰ সহায় হোৱাকৈ এখনি ‘পকামিস্ত্ৰী’ৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

২৪ জুনৰ পৰা ৪ জুলাইলৈ দহদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিৱিৰত পকামিস্ত্ৰীৰ বিভিন্ন কাম-কাম সম্বন্ধে ব্যৱহাৰিক জ্ঞানক অগ্ৰাধিকাৰ দি অভিজ্ঞ লোকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তিসকলে প্ৰতিষ্ঠানখনৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপকসকলৰ লগত যোগাযোগ কৰিব পাৰিব।

আনহাতে, প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰা সকলো প্ৰশিক্ষাৰ্থীকে দহ দিনৰ প্ৰশিক্ষণৰ অন্তত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। পকামিস্ত্ৰীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বিষয়ে অধিক তথ্যৰ বাবে আগ্ৰহীসকলে ৮৮৭৬৬৯০৭৩৪,  ৯৪৩৫০৮৪৩৩৩ এই দুটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

ৰাজ্যৰ বৰ্ধিত নিৱনুৱা সমস্যাৰ দিনত এনেদৰে কাৰীকৰি তথা বৃত্তিমুখী শিক্ষাগ্ৰহণৰ দ্বাৰাহে কিছু পৰিমানে ভয়াবহ নিৱনুৱা সমস্যাক প্ৰত্যাহ্বান জনাব পৰা যাব বুলি প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই মত প্ৰকাশ কৰে।