NORTHEAST NOW (Assamese)

জি আই এম টি, তেজপুৰৰ খবৰ পত্ৰিকা ‘টেক-বাৰ্তা’ৰ উন্মোচন 

June 26, 2019 3:54 pm · এন ই নাও নিউজ

তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰৰ বাৰ্ষিক খবৰ পত্ৰিকা ‘টেক-বাৰ্তা’ৰ দ্বিতীয় সংখ্যাটো আজি উন্মোচন কৰা হয়।

ৰাজ্যখনৰ অগ্ৰণী অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলোধৰণৰ ক্ৰিয়া কলাপ, বা-বাতৰি প্ৰকাশ কৰি প্ৰতি বছৰে খবৰ পত্ৰিকা প্ৰকাশ কৰি অহা হৈছে।

এইবাৰৰ সংখ্যাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ শৈক্ষিক এন জি অ’ এডুপুৰ চ’ছায়িটীৰ প্ৰতিস্থাপক সম্পাদক অমিত ৰাজকোঁৱৰৰ লগতে ‘দ্যা ছেণ্টিনেল’ কাকতৰ তেজপুৰৰ সাংবাদিক দীপ কুমাৰ কলিতা।

সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানত দুয়োগৰাকী উন্মোচকে মহাবিদ্যালয়খনৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহত খবৰ পত্ৰিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে।

উন্মোচনী অনুষ্ঠানত জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁই আৰু প্ৰশাসনিক ডীন কেপ্টেইন মুকুল কুমাৰ দাসেও ভাষণ আগবঢ়ায়।

Related News