আলফা (স্বা)ক ‘সমৰ্থন কৰা’ৰ বাবে পুনৰ শিৱসাগৰত যুৱতীক আটক

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সমৰ্থনত চ’চিয়েল মিডিয়াত বক্তব্য ৰখাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে অ’ এন জি চিৰ এজন কৰ্মচাৰীক ২৬ জুনত গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি পুনৰ আন এগৰাকী যুৱতীক শিৱসাগৰ আৰক্ষীয়ে আটক কৰে।

আটকাধীন যুৱতী গৰাকীক শিৱসাগৰ জিলাৰ হাঁহচৰাৰ গোমোঠাৰ মুনমী বৰগোহাঁই বুলি চিনাক্ত কৰা হৈছে। মুনমী অ’ এন জি চিৰ এবছৰীয়া প্ৰশিক্ষাৰ্থী।

উল্লেখযোগ্য ২৬ জুনত  আলফাৰ সমৰ্থনত ফেচবুক প’ষ্ট দিয়াৰ বাবে অ’ এন জি চিৰ বিষয়া জ্ঞানদ্বীপ গগৈক শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছিল।

ইয়াৰ পিছতে আটকাধীন যুৱতী গৰাকীয়ে তথা মুনমী বৰগোহাঁইয়ে জ্ঞানদ্বীপৰ সমৰ্থনত ২৮ জুনত এটা ফেচবুক প’ষ্ট দিছিল। ফলত শিৱসাগৰ আৰক্ষীয়ে যুৱতীগৰাকীক আলফা (স্বা)ক সমৰ্থন কৰাৰ বাবে আটক কৰে।

বৰ্তমান আৰক্ষীয়ে যুৱতী গৰাকীক শিৱসাগৰ থানাত জেৰা চলাই আদালতত হাজিৰ কৰোৱা হৈছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।