কলগাছিয়াত যুৱতীৰ মৃতদেহ উদ্ধাৰ; প্ৰেমিকে হত্যা কৰাৰ সন্দেহ

WhatsApp-Image-2020-12-08-at-8.36.28-AM-750x375-1

প্রতিনিধিত্বমূলক ফটো।

বৰপেটা জিলাৰ কলগাছিয়াত এগৰাকী যুৱতীৰ মৃতদেহ নিজ ঘৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হৈছে। দেখাত এয়া এক আত্মহত্যাৰ ঘটনা যেন লাগিলেও পৰিয়ালৰ লোকে ইয়াক এক হত্যাকাণ্ড বুলি সন্দেহ কৰে।

যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ কৰে যে তাইক তাইৰ ‘প্ৰেমিকে’ হত্যা কৰি গোটেই ঘটনাটো এক আত্মহত্যাৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।

নিজৰ কোঠাৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকী ১৮ বছৰীয়া মফিজা খাতুন বুলি চিনাক্ত কৰা হৈছে।

যুৱতীগৰাকীৰ পৰিয়ালে দাবী কৰা মতে বাহাৰুল ইছলাম নামৰ লোকজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ তাইক হত্যা কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়ে মতে বাহাৰুল আৰু মফিজাৰ মাজত সম্পৰ্ক আছিল যদিও বাহাৰুলে মফিজাক তেওঁ যে বিবাহিত সেয়া জানিব দিয়া নাছিল।

ইপিনে, মফিজাই বাহাৰুল ইতিমধ্যে বিবাহিত বুলি জনাৰ মাজত দুয়োৰে মাজত সংঘাত আৰম্ভ হয় আৰু প্ৰায়েই কাজিয়াত অৱতীৰ্ণ হয়।

তেওঁলোকে জানিব দিয়া মতে দেওবাৰে যেতিয়া পৰিয়ালৰ সকলো লোক কামত বাহিৰলৈ গৈছিল তেতিয়া বাহাৰুলে মফিজা অকলশৰে থকাৰ কথা জানিব পাৰি ঘৰলৈ আহে আৰু তাইক হত্যা কৰে।  

আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু সকলোবোৰ বিষয় খুটিনাটি পৰীক্ষা কৰি চাই আছে।