গুৱাহাটীত কিশোৰীক ধর্ষণ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰা ৩জনক গ্ৰেপ্তাৰ, ২জন পলাতক

girl_raped-750x375

প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী মহানগৰীৰ হফিজনগৰ অঞ্চলত এগৰাকী কিশোৰীক দলবদ্ধ ধর্ষণ চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে ৩ গৰাকী লোকক আটক কৰিছে। গ্ৰেপ্তাৰ কৰা লোককেইজনক খগেন দাস, ৰিমন শৰ্মা আৰু সঞ্জয় পূৰ্বে বুলি চিনাক্ত কৰা হৈছে।

নিৰ্যাতিতা যুৱতি গৰাকীৰ পৰিয়ালৰ লোকে পল্টন বজাৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত লোককেইজনক আৰক্ষীয়ে আটক কৰে।

জানিব পৰা মতে ঘটনাটোৰ সৈতে ৫জন লোক জড়িত আছে। উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰতে উক্ত ঘটনাটো সংঘটিত হৈছিল, আনকি অভিযুক্তকেইজনে উক্ত ধৰ্ষণৰ এম এম এছো প্ৰস্তুত কৰিছিল। আনহাতে লক্ষণীয়ভাৱে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতহে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছিল।

৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰি আৰক্ষীয়ে জনাই যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উঠা আন দুজন লোকক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে। পলাতক অভিযুক্ত দুজনৰ নাম ৰঘুনাথ আৰু বিকি মাহাতো বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কত মহানগৰীৰ পল্টন বজাৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয়, ‘আমি ধৃত ৩জনক জেৰা চলাই থকাৰ সমান্তৰালকৈ আন দুজনক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছো।‘