বঙাইগাঁৱত এদিনতে দুবাৰকৈ কোভিড ভেকচিন প্ৰদান দশম শ্ৰেণীৰ ছাএীক : অৱস্থা সংকটজনক

বঙাইগাঁৱত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী একেটা দিনতে অলপ সময়ৰ ব্যৱধানত অগা – পিচাকৈ দুবাৰকৈ কোভিড ভেকচিন প্ৰদান কৰাত ছাত্ৰী গৰাকী অসুস্থ হৈ পৰে ৷

প্ৰাপ্ত বাতৰি অনুসৰি বঙাইগাঁও বিদ্যাপীঠ হাই স্কুলৰ ৰুমী সৰকাৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক উক্ত বিদ্যালয়তে যোৱা ৩ ফেব্ৰুৱাৰীত দ্বিতীয় পালি কোভিড ভেকচিন ল’বলৈ মাতিছিল ৷ সেইমতে ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত উপস্থিত হৈ দ্বিতীয় পালি ভেকচিন লয় ৷ ভেকচিন লোৱাৰ পাছতে ছাত্ৰী গৰাকীক পুনৰ ভেকচিন প্ৰদান কৰে একে গৰাকী নাৰ্চে ।

ছাত্ৰীগৰাকীয়ে ভেকচিন লোৱা বুলি কোৱাৰ পাছতো ছাত্ৰী গৰাকীক পুনৰ ভেকচিন প্ৰদান কৰা বুলি ছাত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷ এদিনতে দুবাৰকৈ কোভিড ভেকচিন লৈ ছাত্ৰীগৰাকী ঘৰত উপস্থিত হোৱাৰ পাছতে অসুস্থ হৈ পৰে ৷ পাছত ৪ ফেব্ৰুৱাৰীত ছাত্ৰীগৰাকীক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মঙলবাৰে ছাত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰত লৈ অহা হয় যদিও বৰ্তমানেও সুস্থ হৈ উঠা নাই ছাত্ৰীগৰাকী ৷ ইপিনে ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে এনে এটি ঘটনা ঘটাৰ পাছতো কিন্তু স্বাস্থ্য বিভাগৰ পৰা এবাৰো কোনো খবৰ লোৱা নাছিল ছাত্ৰীগৰাকীক ৷

পিতৃহীন ছাত্ৰীগৰাকীৰ মাতৃয়ে মানুহৰ ঘৰত কাম কৰিও কোনো মতে দুবেলা দুমুঠি অন্ন যোগাৰ ধৰিব নোৱাৰা এই দুখীয়া পৰিয়ালটোৱে এতিয়া ছাত্ৰীগৰাকীৰ চিকিৎসা কৰিবলৈয়ো সক্ষম হোৱা নাই ৷

ইপিনে ছাত্ৰী গৰাকীৰ দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এতিয়া এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে নে নাই তাকে লৈয়ো দেখা দিছে অনিশ্চয়তা ।

কাৰণ ছাত্ৰীগৰাকী বৰ্তমানেও সুস্থ হৈ উঠা নাই ৷ টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে ছাত্ৰী গৰাকীৰ ভৱিষ্যতকলৈয়ো এক চিন্তাৰ বিষয় হৈ পৰিছে ৷