NORTHEAST NOW (Assamese)

বৃক্কৰ জটিল ৰোগত আক্রান্ত টীয়কৰ ছাত্ৰী স্মৃতি বৰা: সহায় বিচাৰি আহ্বান পৰিয়ালৰ

September 26, 2021 2:45 pm · নিৰ্মলেন্দু পাঠক, টীয়ক
Updated: September 26, 2021 3:36 pm

বৃক্কৰ জটিল ৰোগত আক্রান্ত হৈছে টীয়ক বলমাৰ স্মৃতি বৰা।টীয়ক বলমা নহাট টিপমীয়া গাঁৱৰ দুখীয়া পৰিয়ালৰ  এগৰাকী ছাত্ৰী তথা টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম সন্মাসিকৰ  মেধাৱী ছাত্ৰী স্মৃতি বৰাৰ  দুয়োটা বৃক্ক বিকল হৈ পৰিছে।

খেতি বাতি কৰি কোনোমতে পৰিয়ালৰ ভৰণ পোষণ দিয়া পিতৃ ৰজনী বৰাই জ্যেষ্ঠ কন্যা গৰাকীৰ চিকিৎসাৰ নামত ইতিমধ্যে বহু টকা খৰছ কৰি বৰ্তমান উপায়ন্তৰ হৈ পৰিছে।

ছাত্ৰী গৰাকীৰ দুয়োটা বৃক্ক বিকল হোৱাৰ বাবে চিন্তাত পৰিছে পৰিয়ালটো ।

কাৰণ নতুন বৃক্ক সংস্থাপনৰ কৰিলেহে ছাত্ৰী গৰাকী সুস্থ হৈ উঠিব কিন্তু বৃক্ক নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কেইবালাখ টকাৰ ।

উপায়ন্তৰ হৈ পৰিয়ালটিয়ে এতিয়া চৰকাৰ তথা হৃদয়বান লোকৰ সহায় বিচাৰিছে ।

কোনো ব্য দল সংগঠন ব্যক্তি বিশেষ সহায় বিচাৰিলে SBI Ac No-40352661224

IFSCCODE-SBIN0001718 Phone Number:-6000634142 ত যোগাযোগ কৰিব পাৰিব।

Related News