• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলিয়াবৰৰ আমবাগানত ছাত্ৰীৰ আত্মহনন : ৰহস্যৰ গোন্ধ পাইছে ৰাইজে

নৱম শ্ৰেণীত অধ্যয়নৰত পাপীয়া দাসৰ ৰহস্যজনক আত্মহননে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

ৰিদিপ শর্মা by ৰিদিপ শর্মা
September 21, 2018 1:16 pm
suicide

প্ৰতিনিধিত্বমূলক ফটো

229
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহতে চিপ লোৱা অৱস্থাত মাতৃয়ে উদ্ধাৰ কৰে ১৬ বছৰীয়া নিজ কন্যাৰ নিথৰ মৃতদেহ। আমবাগান আৰক্ষী চকীৰ অধীনৰ পশ্চিম শোৱালনী গাঁৱত এই ঘটনা সংঘটিত হৈছে। ঘটনা অনুসৰি গাঁৱখনৰ চম্পা দাসৰ ১৬ বছৰীয়া কন্যা পাপীয়া দাস নামৰ যুৱতীগৰাকীৰ নিজ গৃহতে চাদৰৰে চিপ লোৱা অৱস্থাত মৃত্যু হয়।

আমবাগানৰ পশ্চিম শোৱালনীত এজন লোকৰ পামত আশ্ৰয় লোৱা দুই সন্তানৰ মাতৃ চম্পা দাস বৃহস্পতিবাৰে পুৱাই লাওখোৱালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।  ঘৰত তেওঁৰ ১৬ বছৰীয়া কন্যাৰ লগতে আছিল ৯ বছৰীয়া পুত্ৰ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি আহি মাতৃয়ে কন্যাৰ চিপ লোৱা অৱস্থাত নিথৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

মাতৃ চম্পা দাসে লগে লগে চিপ কাটি নমাই আনে নিজ কন্যাক। কিন্ত তেতিয়ালৈ মৃত্যু হয় যুৱতীগৰাকীৰ। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাসগৃহৰ সেই কোঠাটোতে শুই আছিল পাপীয়াৰ ভাতৃ সঞ্জয় দাস ।

উল্লেখযোগ্য যে চম্পা দাসৰ স্বামী শংকৰ দাসে দ্বিতীয় বিবাহ কৰাই প্ৰথমা পত্নী চম্পাৰে সম্পৰ্ক ছেদ কৰাৰ পিচত বিগত ৯ মাহে দুৰ্ভগীয়া চম্পা দাসে পশ্চিম শোৱালনী গাওঁৰ এঘৰ লোকৰ পামত আশ্ৰয় লৈ দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল।

ইপিনে, নৱম শ্ৰেণীত অধ্যয়নৰত পাপীয়া দাসৰ ৰহস্যজনক আত্মহননে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অমায়িক যুৱতীগৰাকীয়ে কিয় বাছি ল’লে আত্মহননৰ দৰে চৰম পথ। প্ৰেমজনিত কাৰণ নে কোনো লোকৰ নিৰ্যাতনৰ বলি হ’ল যুৱতীগৰাকী? এনে প্ৰশ্নই সকলোৰে মনত জোকাৰি গৈছে।

যুৱতীগৰাকী মুখমণ্ডলত চিপ লৈ আত্মহত্যা কৰাৰ লক্ষণ দেখা পোৱা নগ’ল যদিও ডিঙিত চিপ লোৱাৰ চিন স্পষ্টভাৱে দেখা পোৱা গৈছে। তদুপৰি, আৰক্ষী-প্ৰশাসনক এই ঘটনাৰ বিষয়ে প্ৰথমে অৱগত নকৰি মৃতদেহ সৎকাৰৰ প্ৰস্ততি চলোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।

আনহাতে, সাংবাদিকৰ তৎপৰতাত ঘটনা সংঘটিত হোৱাৰ প্ৰায় এঘণ্টাৰ পিছতহে মাত্ৰ ৫০০ মিটাৰ দূৰত্বতে থকা আমবাগান আৰক্ষী আহি উপস্থিত হয়।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে এয়া হত্যা নে আত্মহত্যা তাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd