বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহতে চিপ লোৱা অৱস্থাত মাতৃয়ে উদ্ধাৰ কৰে ১৬ বছৰীয়া নিজ কন্যাৰ নিথৰ মৃতদেহ। আমবাগান আৰক্ষী চকীৰ অধীনৰ পশ্চিম শোৱালনী গাঁৱত এই ঘটনা সংঘটিত হৈছে। ঘটনা অনুসৰি গাঁৱখনৰ চম্পা দাসৰ ১৬ বছৰীয়া কন্যা পাপীয়া দাস নামৰ যুৱতীগৰাকীৰ নিজ গৃহতে চাদৰৰে চিপ লোৱা অৱস্থাত মৃত্যু হয়।
আমবাগানৰ পশ্চিম শোৱালনীত এজন লোকৰ পামত আশ্ৰয় লোৱা দুই সন্তানৰ মাতৃ চম্পা দাস বৃহস্পতিবাৰে পুৱাই লাওখোৱালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। ঘৰত তেওঁৰ ১৬ বছৰীয়া কন্যাৰ লগতে আছিল ৯ বছৰীয়া পুত্ৰ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি আহি মাতৃয়ে কন্যাৰ চিপ লোৱা অৱস্থাত নিথৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
মাতৃ চম্পা দাসে লগে লগে চিপ কাটি নমাই আনে নিজ কন্যাক। কিন্ত তেতিয়ালৈ মৃত্যু হয় যুৱতীগৰাকীৰ। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাসগৃহৰ সেই কোঠাটোতে শুই আছিল পাপীয়াৰ ভাতৃ সঞ্জয় দাস ।
উল্লেখযোগ্য যে চম্পা দাসৰ স্বামী শংকৰ দাসে দ্বিতীয় বিবাহ কৰাই প্ৰথমা পত্নী চম্পাৰে সম্পৰ্ক ছেদ কৰাৰ পিচত বিগত ৯ মাহে দুৰ্ভগীয়া চম্পা দাসে পশ্চিম শোৱালনী গাওঁৰ এঘৰ লোকৰ পামত আশ্ৰয় লৈ দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল।
ইপিনে, নৱম শ্ৰেণীত অধ্যয়নৰত পাপীয়া দাসৰ ৰহস্যজনক আত্মহননে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অমায়িক যুৱতীগৰাকীয়ে কিয় বাছি ল’লে আত্মহননৰ দৰে চৰম পথ। প্ৰেমজনিত কাৰণ নে কোনো লোকৰ নিৰ্যাতনৰ বলি হ’ল যুৱতীগৰাকী? এনে প্ৰশ্নই সকলোৰে মনত জোকাৰি গৈছে।
যুৱতীগৰাকী মুখমণ্ডলত চিপ লৈ আত্মহত্যা কৰাৰ লক্ষণ দেখা পোৱা নগ’ল যদিও ডিঙিত চিপ লোৱাৰ চিন স্পষ্টভাৱে দেখা পোৱা গৈছে। তদুপৰি, আৰক্ষী-প্ৰশাসনক এই ঘটনাৰ বিষয়ে প্ৰথমে অৱগত নকৰি মৃতদেহ সৎকাৰৰ প্ৰস্ততি চলোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।
আনহাতে, সাংবাদিকৰ তৎপৰতাত ঘটনা সংঘটিত হোৱাৰ প্ৰায় এঘণ্টাৰ পিছতহে মাত্ৰ ৫০০ মিটাৰ দূৰত্বতে থকা আমবাগান আৰক্ষী আহি উপস্থিত হয়।
আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে এয়া হত্যা নে আত্মহত্যা তাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।