NORTHEAST NOW (Assamese)

অচিৰেই দেশত পুননিৰ্দ্ধাৰণ হ’ব যুৱতীৰ বিবাহৰ ন্যূনতম বয়স!

October 17, 2020 1:13 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে যুৱতীৰ বিবাহৰ নূন্যতম বয়স পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে যুৱতীৰ বিবাহৰ নূন্যতম বয়স পুনৰ নিৰ্দ্ধাৰণ কৰাৰ ইংগিত দিয়ে।

এই ক্ষেত্ৰত গঠিত হোৱা কমিটীৰ চূড়ান্ত প্ৰতিবেদনৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

আনহাতে, নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দেশত ছাত্ৰত কৈ ছাত্ৰীয়ে শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে লোৱা পদক্ষেপৰ গুৰুত্ব সম্পৰ্কে মতপ্ৰকাশ কৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, বৰ্তমান ভাৰতত যুৱতীৰ বিবাহৰ নূন্যতম বয়স ১৮ বছৰ আৰু ল’ৰাৰ বিবাহৰ নূন্যতম বয়স ২১ বছৰ।

Related News