কোভিডৰ আতংকৰ মাজতে আহিছে এডেনো ভাইৰাছ ! শিশুৰ কোন অংগক অকামিলা কৰিব পাৰে এই ভাইৰাছে?

কোভিডৰ সংহাৰে সৰ্বস্বান্ত কৰা বিশ্বত এইবাৰ পুনৰ আন এক ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে।

বিশেষকৈ এছিয়াৰ কেইবাখনো দেশৰ লগতে কানাডাত এই ৰোগ বিধে সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। নতুন ৰোগ বিধ বিশেষকৈ শিশুসকল বেছিকৈআক্ৰান্ত হৈছে।

মাৰাত্মক ৰোগ বিধ হৈছে যকৃতৰ এবিধ ৰোগ । এই ৰোগত আক্ৰান্ত লোকৰ , বিশেষকৈ শিশুৰ যকৃৎ অকামিলা হৈ পৰিব পাৰে।

জাপানত তীব্ৰ হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ ৰোগত বহু শিশু আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

এডেনো ভাইৰাছ নামৰ এই ভাইৰাছবিধত আক্ৰান্ত শিশুসকলৰ যকৃৎ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ কথা প্ৰমাণ হৈছে।

জাপানৰ লগতে কানাডাতো এডেনো ভাইৰাছে বহু শিশুক আক্ৰান্ত কৰিছে।

কানাডাৰ জনস্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা মতে ভাইৰাছ বিধে সৰু ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰণ কৰিছে।

সমগ্ৰ বিশ্বতে এতিয়ালৈকে ১৯০ টা শিশু এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

ইয়াৰ ভিতৰত ১৪০ টি শিশু ইউৰোপত, ১১০ টি শিশু ব্ৰিটেইনত আক্ৰান্ত হৈছে।

ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো কেইবাটাও শিশু এডেনো ভাইৰাছত আক্ৰান্ত হৈছে।

আক্ৰান্ত শিশুসকলৰ ১৭ টা শিশু ইমান অসুস্থ হৈ পৰিছে যে তেওঁলোকৰ যকৃত সংৰোপণৰ প্ৰয়োজন হৈ পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে শিশুৰ যকৃৎ ধ্বংস কৰি দিব পৰা এডেনো ভাইৰাছত আক্ৰান্ত হৈ এতিয়ালৈকে এটি শিশুৰ মৃত্যু ঘটিছে।

এডেনো ভাইৰাছত আক্ৰান্ত শিশুৰ দেহত জণ্ডিচ, ডায়েৰিয়া আৰু পেটৰ বিষৰ লক্ষণ ফুটি উঠে।