গুৱাহাটী পৌৰ নিগমৰ নির্বাচন: বিজেপিয়ে নির্বাচনী আচৰণ বিধি উলংঘা কৰিছে- আম আদমি পাৰ্টী

গুৱাহাটী পৌৰ নিগমৰ নির্বাচনলৈ মাজত মাত্র চাৰি দিন বাকী থকাৰ সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী আচৰণ বিধি উলংঘা কৰি ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্যক গৰিহণা দিয়ে আম আদমি পার্টীয়ে।

সোমবাৰে অনুষ্ঠিত কৰা এক সংবাদমেলত আপৰ বিৰুদ্ধে অপপ্ৰচাৰ নকৰিবলৈ আৰু নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ সকীয়নি দিয়ে আপে।

বছৰ বছৰ ধৰি শাসনত থকাৰ পাছতো মহানগৰখনৰ বাবে একো কৰিব নোৱাৰা বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ প্রলোভন আৰু মিথ্যাচাৰৰ আশ্রয় লোৱাৰ অভিযোগ উত্থাপন কৰে আপৰ নেতা লক্ষ্মীকান্ত ডুবেই।

তেওঁ কয় “নির্বাচনৰ আগত বিজেপিয়ে পেকেজ ঘোষণা কৰে, কিন্তু ক্ষমতালৈ অহাৰ পাছত সেই পেকেজৰ প্ৰতিশ্ৰুতি কেতিয়াও কার্যকৰী নকৰে।”

গুৱাহাটীবাসীক বিজেপিৰ মিথ্যাচাৰত ভোল নাযাবলৈ আহ্বান জনায় তেওঁ। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ বাবে ৬০০ কোটি টকাৰ পেকেজ ভোটগ্রহণৰ চাৰি দিন আগতে ঘোষণা কৰা কাৰ্যক গুৰুত্ব সহকাৰে লৈ নির্বাচনী বিষয়াৰ ওচৰত অভিযোগ উত্থাপন কৰিব আপে।

আপ শাসনলৈ আহিলে সস্তীয়া ৰাজনীতি কৰা সকলৰ দোকান বন্ধ হ’ব বুলিও ডুবেই কয়।

২৪ ঘণ্টা বিজুলী, পানীৰ সমস্যা সমাধান, ভাল বিদ্যালয় খোলাৰ প্ৰতিশ্ৰুতি দিয়ে আপৰ নেতাগৰাকীয়ে। উল্লেখ্য এইবাৰৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপৰ মূল প্ৰতিদ্বন্দ্বি হ’ব বিজেপি।