মহানগৰীৰ স্পা পাৰ্লাৰত GMCৰ অভিযান; সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী

GUwahati parlour

ফটো: নৰ্থইষ্ট নাও।

মহানগৰীৰ এ বি চিত থকা The Sharon Unique স্পা পাৰ্লাৰত সোমবাৰে জিএমচিয়ে এক আকস্মিক অভিযান চলায়।

অভিযান কালত বহু আপত্তিজনক সা-সামগ্ৰীৰ লগতে অনৈতিক কাৰ্যকলাপ চলি থকাৰ দৃশ্য পোহৰলৈ আহে।

পৌৰ নিগমৰ বিষয়া পাৰ্থ প্ৰতীমৰ নেতৃত্বত চলা এই অভিযানত বহু যুৱক-যুৱতীক অশ্লীল অৱস্থাত উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: অভিলেখ ৯৯,৯৯৯ টকাত বিক্ৰী অসমৰ গ’ল্ডেন চাহ

আনহাতে, দীৰ্ঘদিন ধৰি স্পা-পাৰ্লাৰখনত অনৈতিক কাৰ্য চলি থকাৰ অভিযোগৰ পিছত জিএমচিয়ে ইয়াত অভিযান চলায়।

ফটো: নৰ্থইষ্ট নাও।

UNISEX পাৰ্লাৰৰ বাবে জিএমচিয়ে বান্ধি দিয়া নীতি-নিৰ্দেশনা অমান্য কৰি The Sharon Unique য়ে ইয়াত অনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিছিল।     

লক্ষ্যণীয়ভাৱে পাৰ্লাৰখনৰ কোনো ট্ৰেড লাইচেন্স নাই।