গুৱাহাটীত য’তে ত’তে থূ-খেকাৰ, পিক পেলোৱাসকলক জৰিমনা বিহা হ’ব

GMC to punish those spitting in public

প্ৰতীকী ছবি। সৌজন্য-- Asianet News

য’তে ত’তে থূ-খেকাৰ, পিক পেলোৱাসকলক গুৱাহাটীত জৰিমনা বিহা হ’ব আৰু তেনে লোকৰ ওপৰত আইনমতে ব্যৱস্থা লোৱা হ’ব।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই মঙলবাৰে এই সম্পৰ্কত জাননী জাৰি কৰিছে।

কৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে এই ক্ষেত্ৰত জি এম চিয়ে সকলো ৰাইজৰ সহযোগিতা আহ্বান কৰিছে।

থূ-খেকাৰৰ জৰিয়তে কৰ’নাভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে।

জাননীখনত লগতে কোৱা হৈছে যে মহানগৰীখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে পৌৰ নিগমে ফ্লায়িং স্কুৱাদ নিয়োগ কৰিছে আৰু দোষী ব্যক্তিক শাস্তি বিহাৰ ব্যৱস্থা কৰিছে।

গোটা আৱৰ্জনা বিধি ২০১৬ আৰু গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ অনুসৰি ৰাজহুৱা স্থান, পথ, পদপথ, পথ-বিভাজক আদিত থূ-খেকাৰ, পিক পেলোৱাটো অপৰাধ।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

বৰ্তমানলৈকে ভাৰতত ১৩৭জন লোক ক’ৰ’না ভাইৰাছত আক্রান্ত হৈছে, ইয়াৰে ১৭জন বিদেশী পৰ্যটক। ভাৰতত এই ভাইৰাছৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে।

বিশ্বৰ ১৪৯খন দেশৰ ১.৫ লাখতকৈ অধিক লোক ক’ৰ’নাত আক্রান্ত হৈছে আৰু ৬,৫০০তকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।