NORTHEAST NOW (Assamese)

কুকুৰ আৰু মেকুৰীৰ পঞ্জীয়ন কৰিবলৈ চৰকাৰৰ জাননী! অনতি পলমে পঞ্জীয়ন নকৰিলে বিহিত ব্যৱস্থা

October 19, 2019 5:58 pm · এন ই নাও নিউজ
Updated: October 20, 2019 9:14 am
প্ৰতিনিধিত্বমূলক ফটো।

মহানগৰীৰ যিসকল বাসিন্দাই ঘৰত কুকুৰ অথবা মেকুৰী পুহিছে তেওঁলোকক সেইবোৰৰ পঞ্জীয়ন কৰিবলৈ আহবান জনাই গুৱাহাটী পৌৰ নিগমে এখন জাননী জাৰি কৰিছে।

গুৱাহাটী মহানগৰীৰ বহু বাসিন্দাৰে নিত্যসংগী জীৱ-জন্তু (pet) ৰখাৰ চখ আছে আৰু এওঁলোকৰ বহুতেই প্ৰয়োজনীয় পঞ্জীয়ন আৰু প্ৰতিষেধক ছিটা দিয়াৰ নিয়ম অনুসৰণ নকৰে বুলি সততে অভিযোগ শুনা যায়।

পৌৰ নিগমৰ জাননীখনত কোৱা হৈছে-

“গুৱাহাটী পৌৰ নিগম অঞ্চলৰ অধীনৰ সকলো নাগৰিকক জনোৱা হয় যে গুৱাহাটী পৌৰ নিগম আইন, ১৯৭১ (অনুচ্ছেদ ১৪৪ আৰু অনুচ্ছেদ ৩০১) অনুসৰি “পে’ট” (নিত্যসংগী হিচাপে ৰখা পশু-পক্ষী)ৰ পঞ্জীয়ন বাধ্যতামূলক।

পৌৰ নিগমৰ জাননীখন।

গতিকে Pet-ৰ (কুকুৰ আৰু মেকুৰী) সকলো গৰাকীক ফাঁচি বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাত তেওঁলোকৰ Pet-ৰ পঞ্জীয়ন যিমান পাৰে সোনকালে কৰিবলৈ অনুৰোধ কৰা হ’ল। অন্যথা আইন অনুসৰি বিহিত ব্যৱস্থা লোৱা হ’ব।”

মাচুলৰ গাঁথনি বুলি জাননীখনত দিয়া মাচুলৰ পৰিমাণ এনে ধৰণৰ-

  • আৱেদন মাচুল ১০ টকা
  • পঞ্জীয়ন মাচুল ২৫০ টকা
  • মুঠ ২৬০ টকা।

তলত গুৱাহাটী পৌৰ নিগম আয়ুক্ত বুলি লিখা জাননীখনত অৱশ্যে কেতিয়া পঞ্জীয়নৰ অন্তিম তাৰিখ সেইটো দিয়া নাই।

ইপিনে পৌৰ নিগমৰ ৱেবছাইটত একেই Pet পঞ্জীয়নৰ নিয়মাৱলী দিয়া আছে যদিও তাত মাচুলৰ পৰিমাণ ১১০ টকাহে দিয়া আছে। ৱেবছাইটটোত পঞ্জীয়নৰ বাবে কোনো স্বেচ্ছাসেৱী সংগঠনক ঠিকা দিয়াৰ কথাও উল্লেখ আছে।

Related News