১৯,০০০ নিৰ্মাণ শ্ৰমিকলৈ গোৱা চৰকাৰৰ সাহায্য পেকেজ ঘোষণা; অসমত কেতিয়া?

1worker6d5f_202001362511

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ এখন পিছত সিখন ৰাজ্যই সংগঠিত আৰু অসংগঠিত শ্ৰমিকৰ লগতে দৈনিক আয়ৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে বিশেষ সাহায্য ঘোষণা কৰি আহিছে।

আজি গোৱা চৰকাৰে গোৱাৰ ১৯,০০০ নিৰ্মাণ শ্ৰমিকলৈ ঘোষণা কৰিছে সাহায্যৰ পেকেজ।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ ফলত আৰ্থিক সংকটত পৰিছে দেশৰ বিভিন্ন ক্ষেত্ৰৰ সংগঠিত আৰু অসংগঠিত শ্ৰমিকসকল।

গোৱা চৰকাৰে ৰাজ্যখনৰ নিৰ্মাণ খণ্ডৰ লগত জড়িত পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক এই আৰ্থিক সংকটৰ পৰা সকাহ দিবলৈ বিশেষ পেকেজ ঘোষণা কৰিছে।

গোৱাৰ শ্ৰম মন্ত্ৰী জেনিফাৰ মনছাৰেটে শনিবাৰে ঘোষণা কৰি কয় যে ‘এনে জৰুৰী অৱস্থাত ৰাজ্যখনৰ পঞ্জীয়নভুক্ত সকলো অৰ্ধ দক্ষ নিৰ্মাণ শ্ৰমিকক গোৱা গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ(GOBC)  শ্ৰমিক কল্যাণ ব’ৰ্ডৰ সহযোগী আঁচনিৰ যোগে তেওঁলোকক ১৫ দিনৰ মজুৰি সাহায্য হিচাপে প্ৰদান কৰা হ’ব।’

‘ইয়াৰ উপৰি আমি তেওঁলোকক ৪,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰিছো। এই ৪০০০ টকাৰ জৰিয়তে তেওঁলোক উপকৃত হ’ব। মই আশা কৰো এই বিপৰ্যয় তথা সংকটৰ সময়ত তেওঁলোক সাময়িকভাৱে হ’লেও সকাহ পাব।’ শ্ৰম মন্ত্ৰী জেনিফাৰে এইদৰে কয়।

আনহাতে এতিয়ালৈকে অসমত ৰাজ্য চৰকাৰে অসংগঠিত অথবা সংগঠিত শ্ৰমিক আৰু দৈনিক আয়ৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে বিশেষ সাহায্য ঘোষণা কৰা নাই।