NORTHEAST NOW (Assamese)

কৃষ্ণাইত প্ৰশাসনৰ উচ্ছেদ অভিযানত ৮৫টা পৰিয়াল গৃহহীন

February 3, 2020 3:50 pm · নীলমণি শৰ্মা
কৃষ্ণাইত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ দৃশ্য। ফটো নীলমণি শৰ্মা।

গোৱালপাৰা জিলা প্ৰশাসনে আজি কৃষ্ণাই আঞ্চলিক বীজ উৎপাদন নিগম আৰু গড়কাপ্টানী পথৰ ভূমিত থকা বেদখলকাৰীক উচ্ছেদ কৰে।

কৃষ্ণাই থানাৰ অন্তৰ্গত বিদ্যাপাৰাত চলোৱা এই উচ্ছেদ অভিযানটোৰ ফলত মুঠ ৮৫টা পৰিয়াল নিমিষতে গৃহহীন হৈ পৰে।

জানিব পৰা মতে, কৃষ্ণাই আঞ্চলিক বীজ উৎপাদন নিগম আৰু গড়কাপ্টানী পথৰ ভূমিত বহু সংখ্যক লোকে দীৰ্ঘদিনিৰ পৰা দখল কৰি অবৈধভাৱে ঘৰ-বাৰী সাজি লৈছিল। বহু সংখ্যকে আটকধুনীয়াকৈ আৰু পকী কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰিছিল।

দখলীকৃত চৰকাৰী ভূমিৰ পৰা আঁতৰি যাবলৈ প্ৰশাসনে জাননী দিয়াৰ পিছত বহু সংখ্যক তাৰ পৰা নিজেই গুচি যায় যদিও আন বহুতো আঁতৰি যোৱা নাছিল।

ফলত আজি জিলা প্ৰশাসনে এক্সকেভেটৰ লৈ আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযানটো চলায়।

প্ৰশাসনৰ এক্সকেভেটৰে ঘৰ-দুৱাৰবোৰ ভঙি চূৰ্ণ-বিচূৰ্ণ কৰে।

উচ্ছেদিত পৰিয়ালসমূহৰ শোক আৰু চকুপানীয়ে ঘটনাস্থলীৰ পৰিৱেশটো কৰুণ কৰি তোলে।

Related News