এই সপ্তাহতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ সমাপ্ত হ’বলৈ আগবাঢ়িছে।
মাৰ্কিন সংসদত প্ৰচণ্ড বিতৰ্কৰ পাছতো ট্ৰাম্পক ৰখাব নোৱাৰে বুলিয়েই ৰাজনৈতিক বিশ্লেষকসকলে জানিবলৈ দিছে।
অৰ্থাৎ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে এতিয়াও নিষ্কন্টক।
মহাভিযোগৰ তদন্তৰ সকলো তথ্য প্ৰমান জমা দিয়া তথা সাক্ষীসকলক মাতি পঠোৱাৰ বিৰুদ্ধে চিনেটৰসকলে ভোট দিছে।
তদুপৰি, মাৰ্কিন কংগ্ৰেছৰ উচ্চ সদন চিনেটত ১০০ খনৰ ভিতৰত ৫৩খন আসন ৰিপ্লাৱিকানৰ দখলত আছে। ৪৭খন আসন লৈ হুলস্থুল কৰিলেও মহাভিযোগ কৰা সম্ভৱ নহয় সেইকথা ডেমক্ৰেটিক পাৰ্টিয়ে জান।
এনে এক পৰিস্থিতিৰ মাজতে অহা বুধবাৰে চিনেটত মহাভিযোগক লৈ চূড়ান্ত ভোটগ্ৰহণৰ প্ৰস্তুতি চলিছে।
বিশেষজ্ঞসকলৰ মতে সমস্ত প্ৰক্ৰিটোত ডেমক্ৰেটিক পাৰ্টিৰ বিক্ষুব্ধ চিনেট সদস্যসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকিব।
জানিব পৰা মতে, বহুকেইজন ডেম’ক্ৰেটে ট্ৰাম্পৰ সপক্ষে ভোট দিয়াৰ সম্ভাৱনা আছে। সেয়া হ’লে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কূটনৈতিক বিজয়ৰ আৰু এক সফলতা ধৰা পৰিব।
ইপিনে, উৎসুকতা বৃদ্ধি কৰি ডেমক্ৰেটিক পাৰ্টিৰ তিনিগৰাকী চিনেটৰ এলবামাৰ দ্য জোনছ, ৱেষ্ট ভাৰ্জিনিয়াৰ জো মানচিন আৰু এৰিজোনাৰ খ্ৰীষ্টেন চিনামাই মহাভিযোগৰ সন্দৰ্ভত মুখ খোলা নাই।
উক্ত তিনিখন প্ৰদেশত ট্ৰাম্পৰ প্ৰচুৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তথা নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি চিনেট তিনিগৰাকীয়ে দলৰ বিৰুদ্ধে যাব পাৰে বুলি অনুমান কৰা হৈছে।
যোৱা ডিচেম্বৰ মাহত ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটসকলে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ আছিল যে নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বী জো বিডেন আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি তেওঁ য়ুক্ৰেইনৰ ওপৰত চাপ সৃষ্টি কৰিছিল।
কিন্তু য়ুক্ৰেইন সন্মত নোহোৱাৰ বাবে তেওঁৰ নিজা সিদ্ধান্তত তেওঁলোকৰ বাবে আগবঢ়োৱা ৪০ কোটি ডলাৰৰ প্ৰতিৰক্ষা সাহায্য বন্ধ কৰি দিয়া হয়।
তদুপৰি, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে মাৰ্কিন কংগ্ৰেছৰ কামকাজত বাধা সৃষ্টি কৰাৰ অবিযোগো অনা হয়।
সেয়াই নহয়, মাৰ্কিন কংগ্ৰেছৰ নিম্ন সদন “হাউছ অফ ৰিপ্ৰেজেন্টেটিভ’’ত মহাভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছিল।