গোৱালপাৰাৰ ঘটনা : গ্ৰেপ্তাৰ হোৱাৰ আগদিনা সঘনাই ফ’ন আহিছিল জমিউল জামাল আৰু ৰঞ্জিত আলীলৈ

Goalpara Case

গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা লুইত জমিউল জামাল, মোকাদ্দেছ ইছলাম আৰু ৰঞ্জিত আলী আৰক্ষীৰ জিম্মাত।

দিল্লী আৰক্ষীৰ বিশেষ চেলে ২৪ নৱেম্বৰত অসমৰ গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা লুইত জমিউল জামাল, মোকাদ্দেছ ইছলাম আৰু ৰঞ্জিত আলীক আদালতে ১২ দিনৰ বাবে গোৱালপাৰা আৰক্ষীৰ জিম্মাত দিছে।

সন্ত্ৰাসবাদী কাৰ্য্যকলাপত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা যুৱককেইজনক আৰক্ষীয়ে ধাৰাবাহিক জেৰা চলাই আছে।

ইফালে ৰঞ্জিত আৰু লুইতৰ পৰিয়ালে সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ঘটনাৰ এদিন পূৰ্বে দুয়োৰে ম’বাইলত সঘনাই ফ’ন আহিছিল৷ ফ’নত দুযোকে কোনো লোকে জৰুৰীভাৱে গোৱালপাৰালৈ মাতি পঠাইছিল।

কোনে মাতিছিল এই কথা স্পষ্টকৈ নাজানে যদিও লুইত জামানৰ মাকৰ দাবী, অসমৰ বাহিৰৰ কোনো লোকে আধাৰ কাৰ্ড সম্পকীয় প্ৰশিক্ষণ দিয়াৰ বাবে মাতিছিল বুলি পুতেকে তেওঁক জনাইছিল। ৰঞ্জিতৰ ঘৰৰ মানুহৰো একে মত।

তেওঁলোকক যিখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল, সেইখন হোটেলৰ আশ-পাশৰ মানুহৰ ভাষ্য মতে, হোটেলখনৰ পৰা ৫জন লোকক আৰক্ষীয়ে ক’লা কাপৰেৰে ঢাকি বাহিৰলৈ আনিছিল৷ এই দৃশ্য হোটেলখনৰ কৰ্মচাৰীসকলেও দেখা বুলি দাবী কৰে।

৫জনৰ  ভিতৰত ২জন লোকৰ বিষয়ে আৰক্ষীও নিমাত হোৱাত বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে দিল্লী আৰক্ষীৰ বিশেষ চেলে ২৪ নৱেম্বৰত বিশেষ সূত্ৰৰ পম খেদি অসম আৰক্ষীৰ সহযোগত গোৱালপাৰাৰ মধুবন নামৰ হোটেলখনৰ পৰা সন্ত্ৰাসবাদী কাৰ্য্যকলাপত জড়িত থকাৰ সন্দেহত এওঁলোক তিনিওজনক গ্ৰেপ্তাৰ কৰিছিল। তিনিওজনৰ পৰা আৰক্ষীয়ে বিস্ফোৰণৰ বাবে সাজু কৰা এটা IED জব্দ কৰাৰ উপৰি টাইমাৰ, এক কেজি বিস্ফোৰক আৰু IED বনোৱা সৰঞ্জাম লাভ কৰিছে।

তেওঁলোক ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISIS-ৰ দ্বাৰা অনুপ্ৰাণিত বুলি দিল্লী আৰক্ষীৰ উপ আয়ুক্ত প্ৰমোদ কুশৱাহাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।

তেওঁলোকে আইছিছৰ আই ই ডি নিৰ্মাণৰ ভিডিঅ’ চাই আই ই ডি নিৰ্মাণ কৰিছিল বুলি কুশৱাহাই সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ বিপৰীতে অসমৰ্থিত এটা সূত্ৰৰ দাবী তেওঁলোকক উত্তৰ প্ৰদেশৰ পৰা কোনো জেহাদীয়ে আহি বোমা নিৰ্মাণৰ প্ৰশিক্ষণ দিছিল।

দিল্লী আৰক্ষীৰ উপ আয়ুক্ত প্ৰমোদ কুশৱাহাই সংবাদ মাধ্যমক জনোৱা মতে তিনিওজনে দুধনৈৰ ৰাসত পৰীক্ষামূলকভাৱে বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল আৰু তাৰ পিছত দিল্লীত বিস্ফোৰণৰ লক্ষ্য লৈছিল।