ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই গোৱালপাৰাৰ জনসংযোগ বিষয়াৰ লুটি নিলে ধন-সোণ-নথি

ঘটনা গাপ দিয়াৰ চেষ্টা গুৱাহাটী ৰে'লৱে আৰক্ষীৰ

এইখন অসম মুলুকৰ গুৱাহাটী ৰে’লৱে ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৱাহাটী ৰে’লৱে ষ্টেছনত কোনো দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য খুৱাই হত্যাৰ চেষ্টা চলায় গোৱালপাৰাৰ এগৰাকী জনসংযোগ বিষয়াক। তেওঁৰ নাম প্ৰণৱ কুমাৰ দাস।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১২ নৱেম্বৰৰ দিনা তেওঁ গোৱালপাৰাৰ কৰ্মস্থলীৰ পৰা নিউ বঙাইগাওঁ-গুৱাহাটী এক্সপ্ৰেছৰ জৰিয়তে গুৱাহাটীস্থিত দ্বাৰকানগৰৰ বাসগৃহলৈ আহি আছিল। তেওঁ সময় অনুসৰি নিশা ৯:৩০ বজাত গুৱাহাটী ৰে’লৱে ষ্টেচন পাব লাগিছিল। কিন্তু পাছদিনা অৰ্থাৎ ১৩ নৱেম্বৰৰ পুৱা ৮ বজালৈকে বাসগৃহত উপস্থিত নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

সেয়েহে পৰিয়ালৰ লোকে পুৱা ৮ বজাত তেওঁক বিচাৰি গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হয়গৈ। গুৱাহাটী ৰে’লৱে ষ্টেছনতে সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰে জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাসক।

তেওঁৰ হাতত থকা সোণৰ আঙুঠি, মাণিবেগসহ তেওঁৰ ATM CARD, ভোটাৰ কাৰ্ড, পত্নীৰ ভোটাৰ কাৰ্ড,পান কাৰ্ড, সোণৰ চেইন ইত্যাদি দুৰ্বৃত্তই ডকাইতি কৰি লৈ যায়।

ইপিনে, পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি সম্পূৰ্ণ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে।

তেওঁক ততাতৈয়াকৈ পৰিয়ালৰ লোকে গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰায়। বৰ্তমানো তেওঁ ICU ত চিকিৎসাধীন হৈ আছে যদিও বৰ্তমানলৈকে সংজ্ঞা ঘূৰাই পোৱা নাই।

সূত্ৰ অনুসৰি ৰে’লৱে আৰক্ষী বিষয়াই বৰ্তমানলৈকে পৰিয়ালৰ লোকে এজাহাৰ দিছে যদিও কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই। সূত্ৰটোৱে লগতে দাবী কৰি কয় ৰেইলৱে আৰক্ষী বিষয়া অৰূপ ডেকাই তেওঁলোকৰ এজাহাৰ গ্ৰহণ কৰিছিল যদিও বৰ্তমানলৈকে গোচৰ ৰুজু কৰা নাই।

ইপিনে, ঘটনা সন্দৰ্ভত আমি অসম জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰুৱাক ঘটনা সন্দৰ্ভত সোধাত তেওঁ এই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে। এগৰাকী সতীৰ্থ জনসংযোগ বিষয়াৰ খবৰ নৰখাতো কেনেধৰণৰ কথা হ’ব পাৰে সেয়া নিশ্চয়কৈ বিচাৰ্য্যৰ বিষয়।