NORTHEAST NOW (Assamese)

অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ

April 14, 2019 8:33 pm · এন ই নাও নিউজ
Updated: April 14, 2019 8:39 pm

এতিয়া সকলোতে হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যবাসীৰ লগতে দেশৰ অন্য প্ৰান্তত থকা প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী বিহুটি উদযাপনত ব্যস্ত হৈ থকাৰ সময়তে ক্ৰিকেটৰ ভগৱান হিচাপে বিশ্ব পৰিচিত শচীন তেণ্ডুলকাৰে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে।

ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তেণ্ডুলকাৰে আজি নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সমগ্ৰ দেশবাসীকে বৈশাখী, বিশ্বু, পয়লা বৈশাখ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনায়।

তেওঁ লগতে এই কৃষিভিত্তিক উৎসৱে সকলোৰে জীৱনলৈ এক নতুন শক্তি, আশা তথা সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে সীমাৰ পৰিধি ভাঙি বিশ্ব প্ৰেক্ষাপটত উজলি উঠিছে অসমৰ বিহু। ৰাজ্যৰ লগতে দেশ তথা বিদেশতো প্ৰৱাসী অসমীয়াই ব্যাপক উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে শনিবাৰে অৰ্থাৎ ১৩ এপ্ৰিলত মহাৰাষ্ট্ৰৰ পুনেস্থিত অসমীয়া লোকসকলে পালন কৰে ৰঙালী বিহু।

Related News