নইডাত মেখেলা চাদৰ পৰিহিতা দুৰ্গা গোঁসানীয়ে দৃষ্টি কাঢ়িছে ভক্তৰ

9-1-1140x570

মেখেলা চাদৰ পৰিহিতা দেবী দুৰ্গা গোঁসানী।

কামাখ্যা ভূমিৰ পৰা বহু যোজন নিলগৰ নইডাত দুৰ্গা গোঁসানীয়ে পৰিধান কৰিছে পৰম্পৰাগত মেখেলা চাদৰ।

নইডা অসমীয়া দুৰ্গোৎসৱ এছোচিয়েশ্যনৰ সক্ৰিয় সদস্যবৃন্দ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত দুৰ্গা গোঁসানীক চহকী পৰম্পৰাগত অসমীয়া সাজেৰে জাতিস্কাৰ কৰি প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদৰ পাত্ৰ।

২০১৭ চনত প্ৰথমবাৰৰ বাবে নইডা, গ্ৰেটাৰ নইডা আৰু গাজিয়াবাদত বসবাস কৰি থকা অসমীয়া লোকসকলে একেলগে অসমীয়া আৰ্হিত দুৰ্গা পূজাৰ আয়োজন কৰে।

সেই তেতিয়াৰে পৰা নইডা অসমীয়া দুৰ্গোৎসৱ এছোচিয়েশ্যনৰ সদস্যসকলে ছেক্টৰ ১১৯’ত অত্যন্ত পৰম্পৰাগতভাৱে দুৰ্গা পূজা উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মণ্ডপটো বগা কাপোৰেৰে সজাই তোলা হৈছে যাতে জোনৰ পোহৰে দেবীক স্পৰ্শ কৰিব নোৱাৰে।

ইয়াৰ উপৰি, মণ্ডপটো অসমীয়া জাপি আৰু গামোচাৰে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

একেৰাহে তৃতীয় বছৰত এইবাৰ নইডা অসমীয়া দুৰ্গোৎসৱ এছোচিয়েশ্যনৰ সদস্যসকলে পুনৰ উলাহ-উদ্দীপনাৰে কিন্তু পৰম্পৰাগতভাৱে দুৰ্গা পূজা উদযাপন কৰিছে।

পৰম্পৰাগত অসমীয়া সাজপাৰেৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা পুৰুষ, মহিলা তথা শিশুসকলে নইডা অসমীয়া দুৰ্গোৎসৱ এছোচিয়েশ্যনৰ মণ্ডপত পূজা উপভোগ কৰিবলৈ ভিৰ কৰিছেহি।

প্ৰতিবছৰে জনপ্ৰিয় অসমীয়া গায়ক তথা সংগীতজ্ঞ নইডা অসমীয়া দুৰ্গোৎসৱ এছোচিয়েশ্যনৰ পূজা মণ্ডপৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈ আহিছে।

তদুপৰি, পূজা মণ্ডপত পৰিৱেশন কৰা খাদ্য সম্ভাৰো সম্পূৰ্ণ পৰম্পৰাগত অসমীয়া জুতি-ৰুচিৰে পৰিপূৰ্ণ।