সংকটজনক গগৈ! : প্ৰতি মুহূৰ্ততে স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

tarun-gogoi-1

প্ৰতি মুহূৰ্ততে স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ।

তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এই কথা জনায় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয় ‘আজি আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছে। গগৈৰ কিডনী, হৃদপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছে। চিকিৎসকৰ দৃষ্টিভংগীত কালি-পৰহিৰ তুলনাত অধিক অৱনতি হৈছে।‘

ইপিনে, গগৈ দুপৰীয়াৰ পৰা মানুহ চিনি পাব পৰা অৱস্থাত একেবাৰে নাই বুলি হিমন্তই কয়।

‘কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে। ঔষধখিনিয়ে কাম কৰিলে তেওঁ নিয়মিত শ্বাস-প্ৰশ্বাস ঘূৰাই পাব পাৰে। দিল্লীলৈকে যোৱাৰ পৰিবেশ নাই যিহেতু তেওঁ ভেন্টিলেশ্যনত গুচি গৈছে।‘ এইদৰে কয় হিমন্তই।

জিএমছিএইছৰ চিকিৎসকসকলে অহৰহ এইমছৰ চিকিৎসকসকলৰ লগত সম্পৰ্কত আছে।

স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে আজি তেওঁক দিল্লীলৈ স্থানান্তৰ কৰাটো সম্ভৱ নহয়।

পৰৱৰ্তী ৪৮ ঘন্টালৈকে স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছে বুলিও তেওঁ কয়।

ইফালে জ্যেষ্ঠ সাংবাদিক আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে ফেইচবুকৰ এটা প’ষ্টৰ যোগে এইদৰে কয়, “Status at 5:20pm:
Patient is drowsy and poor responsive to command
Bp 138/50
On vasopressors
PR-70/min
Spo2-97 on NIV fio2 70%
RR-19
GCS-E1V2M5
GCS is deterioting since morning
Ongoing medications
-Infusion lasix 10mg/hr
– Infusion insulin@ 1uints/hr
– infusion Dopamine 5ml/hr
-infusion Norad 7ml/hr
is going on
Decision to intubate has taken by the member committee and Patient is being intubated after taking valid consent from his son”