২৯ ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰ কৰিব ভাৰত চৰকাৰ আৰু আলোচনাপন্থী আলফাই!
ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ কাৰ্যকলাপ। তাৰ মাজতে এক সূত্ৰই প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ।
সূত্ৰ অনুসৰি, আলফাৰ আলোচনাপন্থী ফৈদে অহা ২৯ ডিচেম্বৰত ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।
লক্ষণীয়ভাৱে সোমবাৰে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফা নেতৃত্বই নতুন দিল্লীত চৰকাৰী প্ৰতিনিধিৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল।
এই আলোচনাতে দুয়োপক্ষই অহা ২৯ ডিচেম্বৰত নতুন দিল্লীত শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ইতিমধ্যে আলফাৰ আলোচনাপন্থী ফৈদে ভাৰত চৰকাৰৰ ওচৰত বহুকেইটা দাবী উত্থাপন কৰিছে।
এই দাবীসমূহৰ ভিতৰত আছে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ১০২টা খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান, ছয়টা খিলঞ্জীয়া জনজাতিক এছ টি মৰ্যাদা প্ৰদান, অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা, শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে ৮৮ শতাংশ আসন সংৰক্ষণ প্ৰদান ইত্যাদি।
আলোচনাপন্থী আলফা গোটৰ এই তৎপৰতাৰ বিপৰীতে অৱশ্যে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)- এ এতিয়াও শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰা নাই।