NORTHEAST NOW (Assamese)

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ

August 9, 2021 6:32 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

ক’ভিড নীতি -নিৰ্দেশনা পালন কৰি  মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোলাঘাটত সদৌ অসম ছাত্র সন্থাই ৰূপায়ণ  কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী।

গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে।

চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নগৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে সংগঠনটোর কর্মীসকলে।

উল্লেখযোগ্য যে  অসমকে ধৰি গোলাঘাটতো নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে।

তেনেক্ষেত্ৰত  অতি শীঘ্ৰে চৰকাৰক অত্যাৱশ্যকীয় বয়-বস্তু সমূহৰ মূল্যবৃদ্ধি  নিয়ন্ত্ৰণ কৰিবলৈ  দাবী জনাইছে ছাত্র সন্থাই।

Related News