লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে বছৰেই ঘোষণা হৈছিল তদন্ত! আগ নাবাঢ়িল ৰহস্যজনক কাৰণত : অখিল গগৈ

"লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে যোৱা বছৰ ঘোষিত তদন্ত আগ বঢ়া হ'লে প্ৰাণ বাচিল হেঁতেন শতাধিক লোকৰ"

Akhil Gogoi

গোলাঘাটৰ বিষাক্ত সুৰাৰ ঘটনাক লৈ সংবাদমেলত সৰৱ অখিল গগৈ।

গোলাঘাট জিলা প্ৰশাসনে যোৱা বৰ্ষৰ ২৩ এপ্ৰিলৰ দিনা এক জাননী যোগে গোলাঘাটৰ ৰঙামাটিৰ লাল চন্দ্ৰ আগৰৱালা আৰু সুভাষ চাহু নামৰ দুজন অবৈধ লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল। কিন্তু তদন্তৰ নামত ‘ভেকো-ভাওনা’ চলালে আৰক্ষী-প্ৰশাসনে।  তদন্তৰ নামত জিলা প্ৰশাসনে একোৱেই নকৰা বুলি এক সংবাদমেলযোগে অভিযোগ তোলে অখিল গগৈয়ে।

উল্লেখযোগ্য যে, লালিগুৰৰ পৰাই প্ৰস্তুত কৰা হয় চুলাই-মদ। সেই চুলাই সেৱন কৰিয়েই যোৱা দুদিনত গোলাঘাট আৰু যোৰহাট জিলাত চৰকাৰী হিচাপমতেই প্ৰায় ১০০জন লোকে মৃত্যুক সাবটি ল’লে। বেচৰকাৰী হিচাপমতে মৃতকৰ সংখ্যা আৰু বেছি

গগৈয়ে সংবাদমেলত জানিবলৈ দিয়া মতে ৰঙামাটি অঞ্চলৰ সাধাৰণ ৰাইজে গোলাঘাট জিলা উপায়ুক্তক লালিগুৰৰ ব্যৱসায় চলাই থকা লোকৰ তালিকাৰ সৈতে বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। ৰাইজৰ হেঁচাত গোলাঘাট জিলা উপায়ুক্তই যোৱা বৰ্ষতে তদন্ত কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছিল যদিও তদন্তৰ নামত একো নহ’ল। দাবী অখিল গগৈৰ।

কৃষক মুক্তিৰ নেতাজনে গোলাঘাটৰ ৰঙামাটিৰ লাল আৰু সুভাষ নামৰ ব্যৱসায়ী দুজনৰ লালিগুৰৰ ব্যৱসায় এই কৰুণ ঘটনাটোৰ বাবে দায়ী বুলি স্পষ্ট অভিযোগ আনে। লগতে মেৰাপানীৰ অনিল গুপ্তা আৰু প্ৰদীপ গুপ্তা নামৰ লোক দুজনেও লাল আৰু সুভাষৰ সমান্তৰালকৈ সমগ্ৰ গোলাঘাট জিলাতে অবৈধভাৱে লালিগুৰৰ চিণ্ডিকেট চলাই আহিছে বুলি দাবী তোলে নেতাজনে।

লালিগুৰৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা এই চাৰিজন ব্যৱসায়ীক গোলাঘাট জিলা প্ৰশাসনে সুৰক্ষা দিয়াৰ অভিযোগ তুলি অখিল গগৈয়ে কয় “অতিৰিক্ত আৰক্ষী অধিীক্ষক ধ্ৰুৱজ্যোতি বৰা আৰু উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম বৰাই এওঁলোকৰ পৰা বৃহৎ অংকৰ ধন লৈ এওঁলোকক নিৰাপত্তা দি লালি গুৰৰ ব্যৱসায় চলাই থাকিবলৈ দিছে।”

ইয়াৰোপৰি, অবৈধ লালিগুৰৰ তদন্তৰ দায়িত্বত থকা গোলাঘাট থানাৰ আৰক্ষী উপ-পৰিদৰ্শক মৃগাংক কৃষ্ণ গগৈয়ে তদন্ত প্ৰক্ৰিয়াটো আগ নবঢ়োৱা বুলি সংবাদমেল যোগে অভিযোগ কৰে গগৈয়ে।

গগৈৰ অভিযোগমতে তদন্তৰ দায়িত্বত থকা আৰক্ষী উপ পৰিদৰ্শকগৰাকীয়ে ব্যৱসায়ীৰ পৰা টকা খাই লালিগুৰৰ চিণ্ডিকেট চলাই নিবলৈ দিছে।

তদন্ত কৰি ব্যৱস্থা লোৱাৰ বাবে গোলাঘাটৰ উপায়ুক্তই যোৱা বছৰ ২৪ এপ্ৰিলত দিয়া নিৰ্দেশটোৰ প্ৰতিলিপি।

আনহাতে, এই ঘটনাৰ সৈতে আবকাৰী বিভাগ, স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগ জড়িত হৈ আছে বুলি গুৰুতৰ অভিযোগ তুলি সংবাদমেলত কৃষক নেতাজনৰ প্ৰশ্ন, “চুলাই মদ নিষিদ্ধ কৰিবৰ বাবে কোনে ব্যৱস্থা গ্ৰহণ কৰিছে?”

গগৈৰ মতে “ব্ৰিটিছসকলে যেনেকৈ অসমীয়াক কানি খুৱাই নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। বিজেপিয়ে এতিয়া চুলাই মদ খুৱাই মানুহ মাৰিছে।”

ইপিনে, আবকাৰী বিভাগে কৰ সংগ্ৰহ কৰাতহে বেছিকৈ গুৰুত্ব আৰোপ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰি অখিল গগৈয়ে বিধান সভাৰ মজিয়াত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া তথ্য দাঙি ধৰে।

 অসম বিধান সভাত যোৱা ২১ ফেব্ৰুৱাৰিৰ দিনা বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া তথ্য অনুসৰি আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমে ২০১৪-১৫ বৰ্ষত ৬৬৫.৮১ কোটি, ২০১৫-১৬ বৰ্ষত ৭৯৯.৫১ কোটি ২০১৬-১৭ বৰ্ষত ৯৬৬.৩৩ কোটি, ২০১৭-১৮ বৰ্ষত ১১১৭.৬৪ কোটি ২০১৮-১৯(জানুৱাৰিলৈকে) ১০৯৩.৯৭ কোটি টকা।

আনহাতে, পূৰ্বতে ভাৰতৰ ভিন্ন ৰাজ্য যেনে তামিলনাডু, কৰ্ণাটক, গুজৰাট, উৰিষ্যা, বেংগলতো সুৰা ট্ৰেজেডি হৈছিল যদিও এনে বৃহৎ সংখ্যক লোকে মৃত্যুক সাবটি লোৱা নাছিল বুলি সংবাদমেলত গগৈয়ে কয়।

ইপিনে, এই ঘটনা অতিকৈ দুখজনক তথা হৃদয়বিদাৰক যদিও এয়া এক অপৰাধমূলক ঘটনা বুলি কয় কৃষক নেতাজনে। “স্বাধীনতাৰ পাছৰ অসমত এইটোৱেই আটাইতকৈ ডাঙৰ অপৰাধমূলক ঘটনা”, গগৈৰ দাবী।