NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত ব্ৰিটেইনৰ পৰা উভতি অহা গোলাঘাটৰ দম্পতি

December 28, 2020 8:02 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ব্ৰিটেইনত নতুন ক’ৰ’ণা ষ্ট্ৰেইনৰ সংক্ৰমণ ধৰা পৰাৰ খবৰে বিশ্ববাসীক উদ্বিগ্ন কৰি ৰখাৰ সময়তে ব্ৰিটেইনৰ পৰা উভতি অহা অসমৰ এহাল দম্পতিৰ দেহত ধৰা পৰিছে কোভিড-১৯।

লণ্ডনৰ পৰা কিছুদিন পূৰ্বে গোলাঘাটলৈ উভতি অহা দম্পতি হালৰ দেহত সোমবাৰে ক’ৰ’ণা ভাইৰাছ ধৰা পৰে।

তেওঁলোক কোভিডৰ নতুন ষ্ট্ৰেইনৰ জৰিয়তে সংক্ৰমিত হৈছে নেকি সেয়া পৰীক্ষা কৰি চোৱা হ’ব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জানিবলৈ দিছিল যে ব্ৰিটেইনৰ অসমৰ যোৰহাটলৈ উভতি অহা  আন এজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰিটেইনৰ পৰা উভতি অহাৰ পাছত ব্যক্তিগৰাকীৰ পজিটিভ ধৰা পৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিছিল যে এইটো ব্ৰিটেইনত পোৱা নতুন ৰূপৰ কৰ’নাভাইৰাছ হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই।

কোভিডৰ নতুন সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত  বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এক নিৰ্দেশনা যোগে ৰাজ্যখনত জনসাধাৰণৰ সমাগমৰ ক্ষেত্ৰত কিছু বাধা-নিষেধ আৰোপ কৰিছে।

Related News