NORTHEAST NOW (Assamese)

বোকাখাতৰ কোভিড চিকিৎসালয় পৰিদৰ্শন নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ

May 27, 2021 7:06 am · উত্তম শইকীয়া

গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে বুধবাৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক কোভিড ৰোগীক মানৱীয় দৃষ্টিভঙ্গীৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়।

পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে কোভিড ৰোগীসকলৰ বাবে এটা সুস্থ পৰিৱেশ গঢ়ি তুলিবৰ বাবে চিকিৎসালয়ত ৰোগীয়ে পঢ়িব পৰাকৈ বাতৰি কাকত, আলোচনী আৰু টেলিভিছন আদিৰো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

চিকিৎসালয়ত যাতে ২৪ ঘণ্টাই চিকিৎসক নাৰ্ছ থাকে সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কোভিডৰ কৰ্তব্যত নিয়োজিত চিকিৎসক, স্বাস্থ্যকর্মীসকলৰ বাবে খোৱা বোৱাৰ সু ব্যৱস্থা আৰু কোভিড ৰোগীক পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য যোগান ধৰিবলৈয়ো কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

Related News