কোনো কাম পেলাই নৰখাৰ মানসিকতাই হৈছে সফলতাৰ চাবিকাঠি : উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী

গোলাঘাট জিলাৰ উপায়ুক্তক বিদায় সম্ভাষণ

IMG-20210519-WA0031

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীক বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিদায় সম্ভাষণ জনোৱা হয়। উপায়ুক্ত হিচাপে গোলাঘাটত এবছৰৰো অধিক কাল অতি সফলতাৰে কাৰ্য সম্পাদন কৰা অসম অসামৰিক সেৱাৰ বিষয়া মোদীক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰাৰ লগতে বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে।

বুধবাৰে কোভিডৰ নীতি-নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা বিদায় অনুষ্ঠানত উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে মোদীৰ নেতৃত্বত গোলাঘাট জিলাৰ প্ৰশাসনিক দিশৰ লগতে বিভিন্ন কাম-কাজ অতি সুচাৰুৰূপে সম্পন্ন হোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে।

বিশেষকৈ উপায়ুক্ত মোদীৰ কাৰ্যকালতে গোলাঘাট জিলাত কোভিডৰ প্ৰথমটো ঢৌ অতি সফলতাৰে নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল আৰু ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচন গোলাঘাট জিলাত অতি সুচাৰুৰূপে সম্পন্ন হৈছিল বুলি বিষয়া-কৰ্মচাৰীসকলে মত প্ৰকাশ কৰে।

আনহাতে মোদীয়ে বিদায় অনুষ্ঠানত কয় যে নিয়মানুৱৰ্তীতা আৰু কোনো কাম পেলাই নৰখাৰ মানসিকতাই হৈছে সফলতাৰ অন্যতম চাবিকাঠি। তেওঁ বিশেষকৈ নতুন বিষয়া-কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায়।

তেওঁ নিজৰ কাৰ্যকালত গোলাঘাটবাসী ৰাইজে প্ৰদৰ্শন কৰা সহায়-সহযোগিতাৰ বাবে সদায় জিলাখনে তেওঁৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি থাকিব বুলিও মন্তব্য কৰে।

শেষত অতি আৱেগিক পৰিৱেশত জিলা উপায়ুক্তগৰাকীক ফুলৰ থোপা, শৰাই, গামোচা আদিৰে বিদায় সম্ভাষণ জনোৱা হয়।

ইফালে গোলাঘাট জিলাৰ উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীক মোদীয়ে ভাৰপ্ৰাপ্ত উপায়ুক্ত হিচাপে দায়িত্ব অৰ্পণ কৰে। নতুন জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে(আইএএছ) আহি কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত বাগলাৰীয়ে কাৰ্যনিৰ্বাহ কৰিব।