NORTHEAST NOW (Assamese)

হিতাধিকাৰীৰ নামত অহা সামগ্ৰী হৰলুকী কৰি ক’লা বজাৰত বিক্ৰীৰ অভিযোগ; দোকানীৰ অনুজ্ঞাপত্ৰ নিলম্বন

August 3, 2021 7:32 pm · মীনাক্ষী ফুকন
প্ৰতিনিধিত্বমূলক ফাইল ফটো।

গোলাঘাট চন্দন নগৰৰ ১১ নং ৱাৰ্ডৰ সুলভ মূল্যৰ দোকানী মিমণি গোস্বামীৰ খুচুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ নিলম্বন (Suspended) কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰে।

ক’ভিডকালীন পৰিস্থিতিত যাতে ৰাইজ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দোকানখনৰ গ্ৰাহকসকলক ১০ নং ৱাৰ্ডৰ দুলাল শৰ্মাৰ সুলভ মূল্যৰ দোকানৰ সৈতে সংলগ্ন কৰা হৈছে।

ৰেচন কাৰ্ড থকা কেইবাজনো লোকৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে চলোৱা এক অভিযানত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে কেইবাটাও অনিয়ম পোহৰলৈ আহে।

ব্যৱসায়ীগৰাকীয়ে এজন গ্ৰাহকৰ বিপৰীতে লাভ কৰিবলগীয়া সামগ্ৰীৰ পৰিমানকে ধৰি মূল্য সূচী আৰু মজুতকৰণৰ পৰিমাণ আদি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰাকৈয়ে ব্যৱসায় চলাই আছিল।

লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল মজুতকৰণৰ কোনো পঞ্জীয়ন বহীও তেওঁ অভিযানকাৰী দলটোক দেখুৱাব পৰা নাছিল। তদুপৰি, কেৰাচিন তেলৰ যোগানৰ কোনো নথিও তেওঁ ৰখা নাছিল।

ব্যৱসায়ীগৰাকীয়ে অন্তোদ্যয়া অন্ন যোজনাৰ অধীনত গ্ৰাহকে পাবলগীয়া ৩৫ কিলোগ্ৰাম চাউলৰ বিপৰীতে ৩২ কিলোগ্ৰামহে প্ৰদান কৰিছিল। অন্য শিতানত তেওঁ গ্ৰাহকে পাবলগীয়া চাউলৰ একৰ পৰা ২ কিলোগ্ৰাম চাউল কৰ্তন কৰি ৰাখিছিল।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ চাউলৰ ক্ষেত্ৰতো তেওঁ বহু হিতাধিকাৰীক বঞ্চিত কৰিছিল। অভিযানকাৰী দলটোৱে ব্যৱসায়ীগৰাকীৰ পৰা ৪৬ খন ৰেচন কাৰ্ড জব্দ কৰে।

দলটোৱে প্ৰতিখন কাৰ্ডৰ নামতেই সামগ্ৰী হৰলুকী কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ প্ৰমাণ লাভ কৰে। তেওঁ নীতিবহিৰ্ভূত ভাৱে এই কাৰ্ডসমূহ নিজৰ ওচৰত ৰাখিছিল।

Related News