DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মনত আছে নে ২০২০ চনৰ ৫ জানুৱাৰীৰ নিশা দিল্লীত সংঘটিত সেই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2021 7:06 pm
JNU attack miscreants

ফাইল ফটো।

278
VIEWS
Share on FacebookShare on Twitter

আপোনালোকৰ মনত আছে নে ২০২০ চনৰ ৫ জানুৱাৰীৰ ভয়ংকৰ নিশাটো? মনত আছে নে ভাৰতীয় গণতন্ত্ৰৰ সেই ক’লা দিনটো?

ৰাজধানী নতুন দিল্লীস্থিত দেশৰ শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত ভয়ংকৰ আক্ৰমণ ঘটনাৰ কথাকে কোৱা হৈছে।

প্ৰায় ৫০ জনীয়া এটা দুৰ্বৃত্তৰ দলে হাতে হাতে হকীৰ ষ্টীক লৈ JNUৰ চৌহদত প্ৰৱেশ কৰি সংঘটিত কৰিছিল এক ভয়ংকৰ আক্ৰমণ।

পুৰুষ আৰু নাৰীৰ সন্মিলিত উক্ত দলটোৱে JNUৰ চৌহদত প্ৰৱেশ কৰিয়ে আৰম্ভ কৰিছিল ভয়ংকৰ হিংসাত্মক আক্ৰমণ।

মুখত মাস্ক পৰিহিত আক্ৰমণকাৰীয়ে হকী ষ্টীক লৈ JNU চৌহদৰ ভিতৰত থকা ছাত্ৰীৰ হোষ্টেলত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল।

ভাঙি চূৰ্চূমৈ কৰিছিল হোষ্টেলৰ খিৰিকীৰ গ্লাছ আৰু দুৱাৰ। হোষ্টেলৰ কোঠাৰ ভিতৰৰ পৰা শিক্ষাৰ্থীক উলিয়াই আনি কৰা হৈছিল শাৰীৰিক আক্ৰমণ।

আক্ৰমণকাৰীসকলে কেবাঘণ্টাও ধৰি লাইব্ৰৰীতো সংঘটিত কৰিছিল আক্ৰমণ। লাইব্ৰেৰীত থকা শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণ কৰাৰ উপৰি ভাঙি পেলোৱা হৈছিল লাইব্ৰেৰীৰ আচবাব পত্ৰ।

চৌহদৰ ভিতৰত খেদি খেদি হকী ষ্টীকেৰে শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল আক্ৰমণকাৰীসকলে।

দেশ কঁপাই তোলা এই ভয়ংকৰ আক্ৰমণত আহত হৈছিল JNUৰ বহু শিক্ষাৰ্থী।

এই ভয়ংকৰ আক্ৰমণৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছিল উত্তাল প্ৰতিবাদ, দেশজুৰি উত্থাপন হৈছিল আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী।

কিন্তু ৰাজধানীত অৱস্থিত দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানখনত সংঘটিত ভয়ংকৰ আক্ৰমণত জড়িত এজনো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নহ’ল দিল্লী আৰক্ষী।

এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীয়ে।

মংগলবাৰে সংসদৰ মজিয়াত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰিছে।

সংসদৰ এক প্ৰশ্নোত্তৰত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰাইয়ে কয়, JNUৰ হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে তিনিটা গোটৰ ৰুজু কৰিছিল।

তিনিটাকৈ গোচৰ ৰুজু কৰা সত্ত্বেও JNU হিংসাত্মক কাণ্ডত জড়িত এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই দিল্লী আৰক্ষীয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতে দিল্লী আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেও ডেৰবছৰৰ পিছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই।

ইফালে দিল্লী আৰক্ষীৰ তদন্তকাৰীৰ দলৰ হাতত মজুত আছিল সমগ্ৰ আক্ৰমণৰ ভিডিঅ’ ফুটেজসহ বহু তথ্য প্ৰমাণ।

তাৰপিছতো দিল্লী আৰক্ষীয়ে এজনো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল বুলি কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীয়ে কৰা ঘোষণাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটোৰ প্ৰতি এক ডাঙৰ প্ৰশ্নৰ উদ্ৰেক কৰিছে।

Recent News

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd