মাস্ক নিপিন্ধা আৰু পৰিবহন নিৰ্দেশনা নমনা সকলৰ বিৰুদ্ধে গোলাঘাট জিলা প্রশাসনৰ অভিযান

Golaghat district administration

গোলাঘাট জিলা প্রশাসনৰ অভিযান। ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যৰ চৌদিশে এতিয়া কৰ’নাৰ দ্বিতীয় ঢৌৰ আতংকই বিৰাজ কৰিছে। ৰাজ্যৰ বাকী জিলাসমূহৰ লগতে গোলাঘাটতো জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে।

আজি গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্র মোদীৰ নেতৃত্বত নগৰখনৰ বিভিন্ন প্ৰৱেশ পথ আৰু অন্য ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, পৰিবহণ বিভাগ আদিৰ সন্মিলিত যৌথ অভিযানত ক’ভিড সৃষ্ট পৰিৱেশত ৰাইজক সজাগতা সৃষ্টি কৰাৰ লগতে ক’ভিড প্ৰট’কল অমান্য কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰি মাস্ক পৰিধান নকৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা যায়।

উল্লেখ্য যে, আজি মাস্ক পৰিধান নকৰা ব্যক্তিৰ পৰা প্ৰশাসনে ১০০০ টকাকৈ জৰিমনা বিহে। একেদৰে গোলাঘাটত যান-বাহন আৰক্ষীয়ে আৰম্ভ কৰিছে বিশেষ অভিযান।

কৰ’না সংক্ৰমণ ৰোধৰ সজাগতাৰ মাজেৰে পৰিবহন বিভাগৰ নিৰ্দেশনা নমনা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে যান-বাহন আৰক্ষী।

জিলা প্ৰশাসনে মাস্ক নিপিন্ধা সকলক জৰিমনা বিহাৰ বিপৰীতে যান-বাহন আৰক্ষীয়ে মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰা দেখা গৈছে।

এইক্ষেত্ৰত অনুজ্ঞাপত্ৰ অবিহনে আৰু হেলমেট নিপিন্ধাকৈ বাইক চলোৱা সকলক  ক’ভিড সম্পৰ্কত সচেতন কৰাৰ লগতে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে।