Mega Vaccination Drive গোলাঘাটত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা; ২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান

FDsFAIRUUAEOqD2

Mega Vaccination Drive গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই জিলাখনত এতিয়াও ক’ভিড- ১৯ৰ প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক অতি সোনকালেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনাইছে ।

সোমবাৰে ক’ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত উপায়ুক্তগৰাকীয়ে কোনো ধৰণৰ সংকোচ নকৰাকৈ গৰ্ভৱতী অথবা প্ৰসূতি মাতৃকে ধৰি সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে অসম চৰকাৰে ক’ভিড স্বাস্থ্য আচঁনিকে ধৰি ৰাজ্য চৰকাৰৰ আন আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ অৰুণোদয়, প্ৰাৰ্থনা আদি আঁচনিসমূহৰ সা-সুবিধাসমূহ এতিয়াৰে পৰা ক’ভিডৰ প্ৰতিষেধক গ্ৰহণৰ স্থিতিৰ সৈতে সংযুক্ত কৰা হ’ব।

Also Read: ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

প্ৰতিষেধক গ্ৰহণ নকৰা কোনো লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ বিশেষকৈ চাহ বাগিচা অঞ্চলৰ লোকসকলক দ্বিতীয় পালি প্ৰতিষেধক ল’বলৈ আহ্বান জনায়।

তেওঁ বৈঠকত অংশ লোৱা চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলক গাঁৱে গাঁৱে গৈ প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত সবিশেষ বুজ ল’বলৈ নিৰ্দেশ দিয়ে।

এই প্ৰক্ৰিয়াত গাঁওবুঢ়াসকলকো জড়িত কৰোৱাবলৈ আহ্বান জনাই তেওঁ কয় যে বৰ্তমান সময়ত প্ৰতিষেধক প্ৰদানেই জিলা প্ৰশাসনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

বৈঠকত ক’ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই কয় যে ১০ৰ পৰা ২০ নৱেম্বৰৰ ভিতৰত প্ৰতিটো অঞ্চলতে ভোটগ্ৰহণ কেন্দ্ৰ হিচাপত সমীক্ষা চলোৱা হ’ব আৰু প্ৰতিষেধক প্ৰদানৰ পৰা বাদ পৰা লোকসকলক চিনাক্ত কৰি উলিওৱা হ’ব। ২২ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

তেওঁ জিলাখনত ১০০ শতাংশ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনসাধাৰণক সহযোগ কৰিবলৈ আহ্বান জনায়।

বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাইৰ লগতে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত আছিল।

ইফালে জিলাখনত ৬ নৱেম্বৰলৈকে মুঠ ১০,৩৬,৩৪০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,১১,৩৭৬ টা প্ৰথম পালি আৰু ৩,২৪,৯৬৪ টা দ্বিতীয় পালি প্ৰতিষেধক।