NORTHEAST NOW (Assamese)

গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি মুনীন শৰ্মাৰ দেহাৱসান

March 13, 2019 5:26 pm · উত্তম শইকীয়া

গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি, জিলা পৰিষদৰ প্ৰাক্তন উপ সভাপতি মুনীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে। কাজিৰঙাৰ বগৰিজুৰিত থকা নিজা বাসভৱনত ষ্ট্ৰ’ক অহাত চিকিৎসালয়লৈ আনি থকাৰ পথতে তেওঁ মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে কাজিৰঙা আৰু বোকাখাতৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত মুনীন শৰ্মা মৃত্যুৰ সময়লৈকে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ উন্নয়ন আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতিৰ দায়িত্বত আছিল।

তেওঁৰ মৃত্যুত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, জিলা কংগ্ৰেছৰ সভানেত্ৰী অজন্তা নেওগ, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ক্ৰমে দাদু টায়ে আৰু হৰি প্ৰসাদ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰে ৷

এই উপলক্ষে আজি বোকাখাতৰ কংগ্ৰেছ ভৱনত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীৰ সভাপতিত্বত আয়োজিত এক শোকসভাত ধৰ্মেশ্বৰ কুৰ্মী, বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, চাহ মজদুৰ সংঘৰ তপন কৰ্মকাৰ আদিয়ে শৰ্মাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related News