• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ বিধেয়ক বিৰোধী আন্দোলন নাটকৰ অন্তিম ৰূপায়ণ ‘মাজনিশাৰ আত্মসমৰ্পণ’

অনির্বান পাঠক by অনির্বান পাঠক
March 13, 2019 5:21 pm
D1ek1sHUcAAIHgR-750x375

মিত্ৰতা আৱদ্ধ হোৱাৰ পাছত বিজেপি নেতা ৰাম মাধৱৰ সৈতে অগপ নেতৃত্ব। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ‘শংখনিনাদ’ দি ৰাজ্য কঁপাবলৈ যোৱা অগপ এতিয়া পুনৰ বিজেপিৰ পকেটত সোমাল। মাজনিশা নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰি ‘জাতিৰ স্বাৰ্থত আপোচ নকৰো’ বুলি কোৱা অগপই এতিয়া ২০১৯ৰ নিৰ্বাচনত ‘জাতিধ্বংসী’ বিধেয়কৰ প্ৰস্তাৱক বিজেপিৰ জয়ৰ অংশীদাৰ হৈ পৰিল।

কিন্তু স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ কৰাত নিজকে ৰাইজৰ পক্ষত থকা বুলি দাবী কৰা অগপৰ বিধেয়ক বিৰোধী স্থিতি এক নাটকহে আছিল নেকি? নহ’লে কি কাৰণত অগপই বিজেপিৰে পুনৰ মিত্ৰতাত আৱদ্ধ হ’বলগীয়া হ’ল?

Apply Now

যোৱা জানুৱাৰি মাহত লোকসভাত বিধেয়কখন গৃহীত হ’ব বুলি নিশ্চিত হোৱাৰ পাছত বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰা অগপই অসমৰ ৰাইজৰ লগতে জাতীয়-জনগোষ্ঠীয় সংগঠনসমুহৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিধেয়কখনৰ প্ৰসংগ পুনৰ অহাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো আঞ্চলিক দলটোৱে নিজৰ স্থিতি সলনি কৰা কাৰ্যই এতিয়া ৰাইজক স্তম্ভিত কৰি তুলিছে।

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ২০১৯ ত বিজেপিৰ চৰকাৰ হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিব বুলি লখিমপুৰৰ সভাত স্পষ্ট ঘোষণা কৰি গৈছে। এই বিধেয়ক গৃহীত হৈ নাগৰিকত্ব আইন সংশোধন হ’লে অৰ্থহীন হৈ পৰিব ‘অসম চুক্তি’। তেনেস্থলত অসমৰ খিলঞ্জীয়া ৰাইজে নিবিচৰা বিধেয়কখনৰ পক্ষত থকা দলটোৰ লগ লগাটোৱে অগপৰ আপোচ কৰা স্থিতিকেই যে উদঙাইছে সেয়া স্পষ্ট।

ইপিনে, এই মিত্ৰতাৰ পাছতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অতি নৰম মন্তব্য প্ৰকাশ কৰিলে অতুল বৰাই।

অতুল বৰাই কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৰ এতিয়া সামৰণি পৰিছে। যদি ভৱিষ্যতে পুনৰ আহে তেতিয়া অগপই নিজৰ স্থিতিত থাকিব। মঙলবাৰে বিজেপিৰ সৈতে হোৱা আলোচনাত এটা সিদ্ধান্ত লোৱা হৈছে যে যিহেতু এই ক্ষেত্ৰত দুয়োটা দলৰ মাজত মতানৈক্য আছিল গতিকে ভবিষ্যতে এই বিষয়টো উত্থাপন কৰিবলগীয়া হ’লে আলোচনাৰ মাজেৰে সিদ্ধান্ত লোৱা হ’ব।‘’

একেদৰে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিশ্ৰুতি আগতেও আছিলে, এতিয়াও আছে আৰু আগলৈও থাকিব বুলি মন্তব্য কৰি কয়, ‘’যদি ইয়াত কিবা জটিলতা থকা বুলি কোনোৱে অনুভৱ কৰে আগন্তুক দিনত আলোচনা মৰ্মে ইয়াৰ সংশোধন কৰা হ’ব বুলি আমি সিদ্ধান্ত লৈছো।‘’

কিন্তু বিজেপিয়ে আগন্তুক দিনত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত অগপৰ লগত সঁচাকৈয়ে আলোচনা কৰিব নে সেই প্ৰশ্ন আহি পৰে। কিয়নো বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মত ল’বলৈ যুটীয়া সংসদীয় সমিতি গঠন কৰা হৈছিল। কিন্তু এই সমিতিৰ প্ৰতিবেদন সম্পূৰ্ণ একপক্ষীয় হোৱাহে দেখা গৈছিল। দ্বিতীয়তে, জানুৱাৰি মাহত মিত্ৰতা ভংগৰ আগলৈ অগপ নেতৃত্বই বিধেয়কখনৰ বিষয়লৈ কেইবাবাৰো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰিছিল। কিন্তু অগপৰ কোনো কথাই শুনা নাছিল বিজেপিৰ নেতাসকলে।

ইয়াৰ উপৰিও অতুল বৰাই আজি ‘আমাক সাংসদ লাগে’ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে। কিন্তু জানিব পৰা মতে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অগপক ৰাজ্যৰ ১৪ খন আসনৰ বিজেপিৰ স্থিতি অতি দূৰ্বল বুলি পৰিগণিত ৩ খন আসনত হে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব। আসন কেইখন ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ। এই আসন তিনিখনত অগপই নিজৰ শক্তি দেখুৱাব পাৰিবনে সেয়াও এক ডাঙৰ প্ৰশ্ন।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd