গোলাঘাট আৰক্ষীৰ জালত কেইবাজনো বাঘখোৱা মানুহ

গোলাঘাট আৰু শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই আজি ঢেঁকীয়াজুলিৰ মিছামাৰীত গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্যা এগৰাকীৰ ঘৰৰ পৰা বাঘৰ ছাল, দাঁত, হাড় আদি জব্দ কৰিছে।

এইবোৰ সৰবৰাহ কৰা এজন লোককো আটক কৰিছে আৰক্ষীয়ে। আটক হোৱা যুৱকজনৰ নাম জিতেন কেৰ্কেটা।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এসপ্তাহমান পূৰ্বে গোলাঘাটৰ কোৱানী পাহাৰ লাইনত এটা নাহৰফুটুকী বাঘ হত্যা কৰি তাৰ মাংস খাইছিল কেইজনমান লোকে।

বাঘটো মাৰি তাৰ মাংস খোৱাৰ পিছত তাৰ হাড়, ছাল, নখ আদি শুকুৱাই বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছিল এজনক।

কিন্তু আৰক্ষীয়ে বাঘটো মৰাৰ কথা পলমকৈহে জানিব পাৰে আৰু ইয়াৰ সৈতে জড়িত শোভিত টেটে আৰু ইমিন ধানোৱাৰক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা দুয়োজনৰ স্বীকাৰোক্তিৰ পৰা আৰক্ষীয়ে বাঘটোৰ হাড়, ছাল, নখ আদি বিক্ৰীৰ বাবে শোণিতপুৰলৈ জিতেন কেৰ্কেটাই লৈ যোৱা বুলি জানিব পাৰে।

তাৰ পিছতে শোণিতপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই জিতেন কেৰ্কেটাক তেওঁ আশ্ৰয় লৈ থকা মিছামাৰীত গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্যাগৰাকীৰ ঘৰৰ পৰা আটক কৰিছে।

ঘটনাটোত আৰু ভালেকেইজন লোক জড়িত থকাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সন্ধানত অচিৰেই আৰক্ষীয়ে অভিযান চলাব।