নগাঁৱৰ আমনিত ড্ৰাগছ বিৰোধী অভিযান; নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী

VideoCapture_20190627-185505

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যত এতিয়া দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ভয়াৱহ ৰূপত সংঘটিত হ’বলৈ ধৰিছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা। বৃহস্পতিবাৰে আৰক্ষীৰ দলে নগাঁৱৰ আমনিত এনে এটা ড্ৰাগছ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি চামগুৰিৰ আমনিত এটা চক্ৰই ড্ৰাগছ বিক্ৰীৰ বাবে অহা বুলি এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল গোলাঘাট আৰক্ষীয়ে। লগে লগে  আৰক্ষীয়ে অভিযান চলোৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেট সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন নিলা ৰঙৰ এখন এল্ট গাড়ী জব্দ কৰে।

উল্লেখ্য যে আৰক্ষীৰ এই অভিযানৰ খবৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনে পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে আমনিৰ পৰা খেদি খেদি চামগুৰিৰ নিকটবৰ্ত্তী পাৰ্কুপ পাহাৰত কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ইফালে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত জানিব পৰা মতে ধৃত চক্ৰটোৱে আমনিত কেইবাটাও অসাধু ব্যৱসায়ীক ড্ৰাগছ যোগান ধৰাৰ পৰিকল্পনা লৈ আহিছিল।

উল্লেখ্য যে গোলাঘাট আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম চামগুৰিত সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিলে। কিন্তু পৰৱৰ্তী সময়ত সৰবৰাহকাৰী দুজনৰ নাম আৰু ঠিকনা গোলাঘাট আৰক্ষী থানত চলাব লগীয়া জেৰাৰ অন্তত প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে।