• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষাবিদ, সমাজকৰ্মী, অভিনেতা গোলাপ গগৈৰ আকস্মিক বিয়োগত শোকস্তব্ধ জাঁজী

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
January 18, 2019 10:57 pm
Golap Gogoi of assam's sivasagar's janji

গোলাপ গগৈ। ছবি- নৰ্থ ইষ্ট নাও।

251
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ চামগুৰি জেহেনীয়া গাওঁ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক গোলাপ গগৈৰ শুকুৰবাৰে পুৱা ৭-২৫ বজাত উচ্চ ৰক্তচাপজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে৷

প্ৰয়াত কুশৰাম গগৈৰ পুত্ৰ, ১৯৫৯ চনত জন্ম গ্ৰহন কৰা গোলাপ গগৈ বাল্য কালৰে পৰা অতি মেধাৱী আছিল৷ চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা সাং কৰি তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হয়৷ ইয়াৰ পাছতে গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভুক্ত হয়৷

বায়ুসেনাত কৰ্মৰত অৱস্হাতে তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলৈ তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ পৰা লোভনীয় চাকৰিৰ প্ৰস্তাৱ আহিছিল যদিও শিক্ষা প্ৰসাৰৰ কামত জড়িত হ’বৰ বাবে তেওঁ খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমন্ত্ৰণমৰ্মে ইংৰাজীৰ শিক্ষক হিচাপে যোগদান কৰে৷

ভাৰতীয় জীৱন বীমা নিগমৰ আমন্ত্ৰণমৰ্মে কিছুদিন তাতো সেৱা আগবঢ়োৱাৰ পাছত ১৯৯৩ চনত জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্হায়ীভাৱে ইংৰাজীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰে৷

বিভিন্ন সামাজিক কামৰ লগত বহুলভাৱে জড়িত গগৈৰ অৱসৰলৈ আৰু মাত্ৰ এটা বছৰহে আছিল৷ শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্হিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে জাঁজীৰ আটাইকেইখন শিক্ষানুষ্ঠান, চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ আটাইকেইখন শিক্ষানুষ্ঠান, জাঁজী প্ৰেছ ক্লাব, জাঁজী শাখা সাহিত্য সভা, লেখিকা সংস্হা, কবি সন্মিলন, ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কলা কৃষ্টি কেন্দ্ৰ, ফুলপানীছিগা আঞ্চলিক পুথি ভঁৰাল আৰু যুৱ কেন্দ্ৰৰ উপৰিও আমগুৰিৰ  বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংবাদ সংস্হাসমূহ, আছু, কৃষক মুক্তি, তাই-আহোম ছাত্ৰ সন্হা, তাই-আহোম যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে আদি কৰি বিভিন্ন জাতীয়তাবাদী সংগঠনে প্ৰয়াত শিক্ষাবিদ জনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুজন পুত্ৰ এৰি থৈ গৈছে৷

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd