• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১’ত অসমত নাথাকে হিমন্ত! কেন্দ্ৰৰ পৰা ২০-২৫ দিনৰ ভিতৰত আহি আছে ভাল খৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2020 1:12 pm
0b3d4b66-4e9d-4dc4-a050-ce90bd302a40

হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২১’ত ৰাজ্যৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল। সেই সময় এতিয়া চমু চাপি আহিছে।

কিয়নো অতি শীঘ্ৰেই অৰ্থ্যাৎ ২০-২৫ দিনৰ ভিতৰত হ’ব মোদীৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ। কিছুদিন পূৰ্বে অৰ্থ্যাৎ ৰাম মন্দিৰৰ ভুমি পূজনৰ পাছতেই মোদীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ চৰ্চা চলিছিল। সেই সময়ত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্বৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা আৰু মণিপুৰৰ প্ৰভাৱশালী ৰাজনীতিক লেইছেম্বা ছনোজাওৱাৰ নাম উচ্চাৰিত হৈছিল।

বিজেপিৰ এক উচ্চস্তৰীয় বিশ্বস্ত সুত্ৰই দাবী কৰা মতে সম্প্ৰসাৰিত হ’বলগীয়া মোদীৰ মন্ত্ৰীসভাত নাম অন্তৰ্ভুক্ত হ’ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সুত্ৰটোৱে দাবী কৰা মতে ৰাজ্যৰ ৰাজনীতি প্ৰতিদিনে উত্তাল আৰু চৰ্চিত কৰি ৰখা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমুৱাইছে ৰাজ্যৰ ৰাজনীতিয়ে। সেয়েহে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলাৰ ইচ্ছা প্ৰকট হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে, সুত্ৰটোৱে জনোৱা অনুসৰি দিল্লীৰে সৈতে সঘনাই যোগাযোগ ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ কেন্দ্ৰীয় নেতৃত্ব আৰু উচ্চস্তৰীয় নেতাৰ মাজতো হিমন্তক মোদী মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰাক লৈ বিশেষভাৱে আলোচনা চলি আছে।

নিয়ম অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’লে ৰাজ্যসভা নাইবা লোকসভালৈ ৬ মাহৰ ভিতৰত নিৰ্বাচিত হৈ আহিব লাগিব।

নেডাৰো আহ্বায়ক পদত আছে বাবে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ বাট অধিক প্ৰশস্ত হৈ আছে।

মোডীৰ মন্ত্ৰী সভাত বৰ্তমানে থকা মন্ত্ৰীৰ সংখ্যা হৈছে ৫৭ গৰাকী।

তেওঁলোকৰ মাজৰে বহু কেইজনে একাধিক দপ্তৰ চম্ভালি থাকিবলগীয়া হৈছে। সেয়েহে অতি সোনকালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব।

ইপিনে, অহা ২৬ আৰু ২৭ নবেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা। জগত প্ৰসাদ নাড্ডা অসমলৈ আহি ৰাজ্যিক নেতৃত্বৰে কেইবা লানি আলোচনাত মিলিত হ’ব। তেওঁৰ অসম আগমণৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত মোহৰ পৰিব বুলি সুত্ৰটোৱে দাবী কৰে।

আনহাতে, প্ৰতিখন সভাতে ন-ন কৌশল অৱলম্বন কৰি ভোটাৰ ৰাইজৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি দিল্লীলৈ গুচি যায় তেন্তে অসমত ২০২১’ত কোনে নেতৃত্ব ল’ব বুলিও এক চৰ্চা নচলা নহয়।

অৱশ্যে, এই সন্দৰ্ভত নিজে প্ৰতিদ্বন্দিতা নকৰিলেও নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ষ্টাৰ কেম্পেইনাৰৰ ভুমিকা ল’ব পাৰে বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে।

পূৰ্বৰে পৰা ভৱিষ্যতবাণী কৰি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ২১’ৰ পাছত ৰাজ্যৰ ৰাজনীতিত নাথাকো বুলি কৰা ঘোষণাও এতিয়া কাৰ্য্যকৰী হোৱাৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am
গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

September 5, 2025 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am
গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd