প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰ ভ্ৰমণৰ পূৰ্বে পুনৰ এক বিতৰ্কই গা কৰি উঠিছে

silchar-modi

ফটো : নৰ্থ-ইষ্ট নাও

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমৰ শিলচৰ তথা উত্তৰ-পূব ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ এই ভ্ৰমণৰ পূৰ্বে পুনৰ এক বিতৰ্কই গা কৰি উঠিছে। অসম সাংবাদিকসকলৰ সৈতে যেন প্ৰধান মন্ত্ৰীয়ে কোনো কাৰণতে সহজ হ’ব নোৱাৰে সেই প্ৰশ্নৰ পুনৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধনৰ সময়ত প্ৰধান মন্ত্ৰীৰ নিৰাপত্তাজনিত কাৰণত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত আজি পুনৰ মোদীৰ শিলচৰ ভ্ৰমণৰ পূৰ্বে একেই প্ৰশ্নৰ অৱতাৰণা হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমৰ শিলচৰত এখন জনসভাত অংশ ল’ব। কিন্তু মোদীৰ এই জনসভাই এতিয়া কাছাৰৰ সাংবাদিকসকলক বিমোৰত পেলাইছে। কিয়নো বৃহস্পতিবাৰৰ মাজ নিশালৈকে তথ্য আৰু জনসংযোগ বিভাগে মোদীৰ সভাত অংশ ল’বলৈ সাংবাদিকসকলক প্ৰদান কৰিব পৰা নাই অনুজ্ঞা পত্ৰ।

ইয়াৰ পাছতে ক্ষুভিত সাংবাদিকসকলে বিষয়টো সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ক অৱগত কৰাই আৰু অৱশেষত উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপত নিশাই সাংবাদিকসকলৰ অনুজ্ঞা পত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ কাম আৰম্ভ হয়।

সাংবাদিকসকলৰ অনুজ্ঞা পত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ কাম আৰম্ভ হয় যদিও ইয়াতেই বিতৰ্কৰ অন্ত নপৰিল। মোদীৰ জনসভাত অংশগ্ৰহণৰ বাবে বিভাগৰ তৰফৰ পৰা বহুতো জ্যেষ্ঠ সাংবাদিকে নাপালে অনুমতি পত্ৰ। তদুপৰি বাতৰি লিখা পৰ্যন্ত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ পৰা অহা সাংবাদিকেও অনুজ্ঞা পত্ৰ লাভ নকৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এই সমগ্ৰ বিষয়টো চোৱা চিতা কৰিবলৈ এজন যুটীয়া সঞ্চালক আৰু উপ সঞ্চালক শিলচৰলৈ যাবলৈ নিৰ্দেশ দিছিল যদিও কোনো এজন বিষয়াই এই বিষয়টো নিষ্পত্তি কৰাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সাংবাদিকসকলৰ সমস্যাক আওকান কৰা দুয়োজন বিষয়াই বৰ্তমান পাৰিজাত নামৰ এখন হোটেলত সকলো দায়িত্ব বাদ দি অৱসৰ বিনোদনত ব্যস্ত আছে।

মন কৰিবলগীয়া যে বহুতো সাংবাদিকে মোদীৰ সভাত অংশগ্ৰহণৰ বাবে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা অনুজ্ঞা পত্ৰ লাভ কৰিছে যদিও পত্ৰসমূহত দেখা দিয়া বিভিন্ন বিসংগতিয়ে সাংবাদিকসকলক বিমোৰত পেলোৱা পৰিলক্ষিত হৈছে। তদুপৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ইচ্ছ্যু হোৱা পত্ৰসমূহত বিভাগীয় ছিল মোহৰ নোহোৱাত সাংবাদিকসকলৰ সমস্যা দুগুণে বৃদ্ধি পাইছে।

ইফালে তথ্য আৰু জনসংযোগ বিভাগ আৰু জিলা উপায়ুক্ত কাৰ্যালয়ে সাংবাদিকসকলক অনুজ্ঞা পত্ৰ প্ৰদান নকৰাত নিৰাপত্তাৰক্ষীয়ে সংবাদগ্ৰহণৰ বাবে যোৱা সাংবাদিকসকলক মোদীৰ জনসভাৰ মূল ঠাইৰ পৰা ৭০০ মিটাৰ দূৰতে ৰখাই থয়।

তথ্য আৰু জনসংযোগ বিভাগৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি মোদীৰ জনসভাত অংশ ল’বলৈ অহা এজন জ্যেষ্ঠ সাংবাদিকে মন্তব্য কৰে।