গুগলক ১,৩৩৭ কোটি টকাৰ জৰিমনা কেন্দ্ৰৰ; ওলোটাই ‘সতৰ্ক’ কৰি দিলে চাৰ্চ ইঞ্জিন সংস্থাটোৱে

এইবাৰ কেন্দ্ৰৰ ৰোষৰ সন্মুখীন হৈছে গুগল। জনপ্ৰিয় চাৰ্চ ইঞ্জিন সংস্থাটোক বৃহৎ পৰিমাণৰ জৰিমনা বিহা হৈছে! এইবাৰ সংস্থাটোৱে ইয়াকে লৈ ওলোটাই প্ৰায় সতৰ্ক কৰি দিছে। কিন্তু গুগলক কিয় জৰিমনা বিহা হ’ল?

কেন্দ্ৰই দাবী কৰিছে যে গুগলে প্ৰভাৱ খটুৱাই এণ্ড্ৰইড ম’বাইল ফোনৰ জগতত একচেটিয়া আধিপত্য গঢ়ি প্ৰতিযোগিতাৰ চৰ্ত উলংঘা কৰিছে। আৰু সেইকাৰণে এইবাৰ কেন্দ্ৰীয় চৰকাৰে এলফাবেট আইএনচিৰ আওতাৰ অধীনৰ গুগলৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰিছে।

লগতে পঢ়ক: সন্মুখৰ পৰা নেতৃত্ব! সামৰিক সমাৱেশ পৰিদৰ্শন কৰি স্নাইপাৰ চলালে পুটিনে (চাওক ভিডিঅ’)

মোডী চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা নিয়ামক সংস্থাই (চিচিআই) আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ওপৰত ১,৩৩৭.৭৬ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে।

চিচিআইৰ মতে, গুগলে কেৱল এণ্ড্ৰইড অপাৰেটিং চিষ্টেম (অ’এছ) পৰিচালনা কৰাই নহয়, লগতে সকলো বোৰৰ চোৱাচিতাও কৰে। তেওঁলোকৰ মালিকানাধীন আন এপবোৰৰো অনুজ্ঞা পত্ৰ তেওঁলোকে দিয়ে। গতিকে স্মাৰ্টফোন হেণ্ডছেট প্ৰস্তুত কৰা সংস্থাবোৰেও তেওঁলোকৰ মোবাইল ফোনত অ’এছ (এণ্ড্ৰইড অপাৰেটিং চিষ্টেম) আৰু গুগল এপ ব্যৱহাৰ কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: যিকোনো যুদ্ধৰ বাবে সাজু চীনৰ সশস্ত্ৰ বাহিনী; সতৰ্ক কৰি দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে

সেইকাৰণে তেওঁলোকে গুগলৰ দ্বাৰা সৃষ্টি কৰা অধিকাৰ আৰু দায়বদ্ধতাৰ সৈতে সম্পৰ্কিত কেইবাটাও চুক্তিত স্বাক্ষৰ কৰিব লাগে। তাৰে এটা হ’ল মোবাইল এপ্লিকেচন বিতৰণ চুক্তি। ইয়াৰ অধীনত গুগলৰ চাৰ্চ ইঞ্জিন এপ, ক্ৰ’ম ব্ৰাউজাৰ (গুগল ক্ৰ’ম), উইজেট ইতিমধ্যে এণ্ড্ৰইড ম’বাইল ফোনত ইনষ্টল কৰা হৈছে।

এনেদৰে সংস্থাটোৱে স্মাৰ্টফোন বজাৰৰ ৯৮ শতাংশ আধিপত্য বিস্তাৰ কৰিছে। স্বাভাৱিকতে, গুগল সদায়ে আন প্ৰতিযোগীতকৈ আগবাঢ়ি থাকে। এনেদৰে, তেওঁলোকে প্ৰকৃততে আনৰ বজাৰ দখল কৰাৰ পথত বাধা সৃষ্টি কৰে। ফলস্বৰূপে, লাভো অকলে উপভোগ কৰে। আৰু ইয়াৰ বাবে অন্যান্য সংস্থাবোৰক লোকচানৰ মুখলৈ ঠেলি দিয়া হয়। সেইকাৰণে গুগলে জৰিমনা ভৰিব লগা হৈছে।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী, জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ; ৰাছিয়াৰ গৰিহণা

ইপিনে, গুগলে কৈছে যে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বাবে ভাৰতীয় ব্যৱহাৰকাৰী আৰু ব্যৱসায় দুয়ো সমস্যাত পৰিব পাৰে। এণ্ড্ৰইডৰ সুৰক্ষাত বিশ্বাস কৰা ব্যৱহাৰকাৰীসকলো সমস্যাত পৰিব পাৰে। একে সময়তে দেশৰ বজাৰত স্মাৰ্টফোনৰ মূল্যও বৃদ্ধি হ’ব পাৰে! গুগলে জনাইছে যে বিষয়টো পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকে ইয়াৰ পৰৱৰ্তী পদক্ষেপ ল’ব।