১৫ বছৰীয়া আইনী যুদ্ধৰ অন্তত এহাল দম্পতীৰ ওচৰত পৰাস্ত গুগ’ল : ২৬,১৭২ কোটি টকাৰ জৰিমনা

১৫ বছৰ পূৰ্বে গুগলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতলৈ গৈছিল এহাল ব্ৰিটিছ দম্পতী। অভিযোগ আছিল যে গুগলে বজাৰত প্ৰভাৱ পেলাই গ্ৰাহকক কিছুমান সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে।

১৫ বছৰৰ পিছত হোৱা চূড়ান্ত ৰায়দানত সেই গোচৰটোগুগলে পৰাজয় বৰণ কৰে। আদালতে ব্ৰিটিছ দম্পতীহালক ২৪০ কোটি পাউণ্ড (ভাৰতীয় মুদ্ৰাত ২৬,১৭২ কোটি) জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

ব্ৰিটিছ দম্পতীহালৰ নাম শিৱন ৰাফ আৰু তেওঁৰ স্বামী আদাম। ২০০৬ চনত চাকৰি এৰি নিজাকৈ ষ্টাৰ্টআপ ব্যৱসায় আৰম্ভ কৰিছিল তেওঁলোকে। সেই সময়ত ‘ফাউণ্ডেম’ নামৰ এটা ৱেবচাইট খুলিছিল তেওঁলোকে। ৱেবছাইটটোৰ উদ্দেশ্য আছিল গ্ৰাহকৰ সুবিধাৰ বাবে বিভিন্ন কোম্পানীৰ একেবোৰ সামগ্ৰীৰ দাম তুলনা কৰা। যাতে গ্ৰাহকে কোনটো কোম্পানীৰ পৰা সামগ্ৰীটো কিনিব সেইটো নিৰ্ণয় কৰিব পাৰে।

গুগলৰ সন্ধান তালিকাহঠাতে ৱেবছাইটটো তললৈ নামিবলৈ ধৰে বুলি দম্পতীহালে অভিযোগ কৰে। গ্ৰাহকে সন্ধান কৰিলে ৱেবছাইটটো পোৱা নাযায়। গোটেই কথাটো ‘কেলেংকাৰী’ বুলি ভাবি গুগললৈ চিঠি পঠিয়াইছিল দম্পতীহালে। ৱেবছাইটত আৰোপ কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ অনুৰোধ কৰিছিল। কিন্তু গুগলৰ পৰা কোনো সঁহাৰি নাপালে তেওঁলোকে। বৰঞ্চ ৱেবছাইটটোৰ ৰেংক আৰু তললৈ নামি যায়।

তাৰ পিছত ২০০৮ চনত দম্পতীহালে উপলব্ধি কৰিলে যে তেওঁলোকৰ লগত অন্যায় ব্যৱহাৰ কৰা হৈছে। তাৰ পিছত আদালতৰ কাষ চাপিল তেওঁলোক। তেওঁলোকে অভিযোগ কৰে যে আই টি কোম্পানীয়ে বজাৰত প্ৰভাৱ পেলাই গ্ৰাহকক কিছুমান সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে। সেইবাবেই সামগ্ৰীৰ দাম তুলনা কৰিব পৰা ৱেবছাইট এটাক সন্ধানৰ শীৰ্ষলৈ উঠিবলৈ দিয়া নহয়।

২০১৭ চনত ইউৰোপীয় আয়োগে গুগলক এই দম্পতীক ২৪ কোটি পাউণ্ড (২৬,১৭২ কোটি টকা) জৰিমনা ভৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু গুগলে এই নিৰ্দেশ নাকচ কৰিবলৈ অনুৰোধ জনাই “ইউৰোপীয় ন্যায়ালয়”ৰ কাষ চাপিছিল। ব্ৰিটিছ মিডিয়া বিবিচিৰ প্ৰতিবেদন অনুসৰি ছেপ্টেম্বৰ মাহত গুগলৰ আবেদন ইউৰোপৰ সৰ্বোচ্চ আদালতে খাৰিজ কৰিছিল। ইউৰোপীয় আয়োগৰ তথ্য অনুসৰি গুগলে এই জৰিমনা ধন দম্পতীহালক দিব লাগিব।