• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মধ্যপ্ৰদেশৰ জংঘলত উদ্ধাৰ ৭ টা হাতীৰ মৃতদেহ, সংকটজনক অৱস্থাত উদ্ধাৰ আৰু ৩ টা হাতী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 1, 2024 3:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ অৰণ্যত উদ্ধাৰ হৈছে ৭টাকৈ বন্যহস্তীৰ মৃতদেহ। লগতে সংকটজনক অৱস্থাত উদ্ধাৰ হৈছে আৰু তিনিটা হাতী।

বৰ্তমান আৰু দুটা হাতীৰ শাৰীৰিক অৱস্থা সুস্থিৰ হোৱা বুলি জাবি পৰা গৈছে।

Apply Now

মৃত হাতী কেইটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেই এই ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

প্ৰথম অৱস্থাত বন বিভাগৰ কৰ্মচাৰীয়ে অনুমান কৰিছিল যে বিষক্ৰিয়াৰ ফলত হাতীকেইটাৰ মৃত্যু হ’ব পাৰে।

মঙলবাৰে বিয়লি বন বিভাগৰ কৰ্মচাৰীয়ে প্ৰথমে বান্ধৱগড় বাঘ সংৰক্ষণ প্ৰকল্পৰ মূল খিটাউলি অঞ্চলত দুটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰে। তাৰ পিছত গোটেই উদ্যানখনত অভিযান চলাই বাকী মৃত আৰু অসুস্থ হাতীকেইটা উদ্ধাৰ কৰে।

এই খবৰ পাই পশু চিকিৎসকৰ এটা দল বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়। স্কুল অৱ ৱাইল্ড লাইফ ফৰেনছিক এণ্ড
হেল্থৰ কৰ্মচাৰীয়েও সেই স্থানত উপস্থিত হয়। ইতিমধ্যে মৃত হাতীকেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বাকী হাতী কেইটা চিকিৎসাধীন হৈ আছে।

এই সন্দৰ্ভত বন বিভাগৰ বিষয়া বিজয় এন আম্বাদে সংবাদ মাধ্যমৰ আগত কয় যে, “প্ৰথম অৱস্থাত দুটা হাতী মৃত অৱস্থাত উদ্ধাৰ হৈছিল, কিন্তু পিছত এই সংখ্যা ৭ টালৈ বৃদ্ধি পালে। তদন্ত অব্যাহত আছে আৰু সমগ্ৰ অঞ্চলটোত তালাচী চলোৱা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পোৱাৰ পিছতহে প্ৰকৃত মৃত্যুৰ কাৰণ জানিব পৰা যাব।”

আনহাতে, বন বিভাগৰ আন এজন কৰ্মচাৰী অজয় ​​ডুবেয়ে কয় যে সম্ভৱতঃ, হাতীৰ জাকটোৱে বনৰ বাহিৰত কিছু খাদ্য খাইছিল। তাৰ পৰা বিষক্ৰিয়া হ’ব পাৰে। তেওঁৰ মতে, খেতিয়কসকলে হয়তো শস্যত কীটনাশকৰ দৰে কিবা ছটিয়াইছিল।  সেই কীটনাশক শস্য খাই হাতী এই অৱস্থা হ’ব পাৰে।

উল্লেখ্য যে ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বান্ধৱগড় আৰু শ্বাহদোল বনাঞ্চলত ৪৩ টা বাঘৰ মৃত্যু হৈছিল। বেছিভাগ ক্ষেত্ৰতে বন বিষয়াৰ গাফিলতিয়েই বন্য জন্তুৰ মৃত্যুৰ কাৰণ বুলি জানিব পৰা গৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd