NORTHEAST NOW (Assamese)

বগলী হত্যাৰ বাতৰি ফাদিল: ‘নৰ্থ-ইষ্ট নাও’ৰ সাংবাদিক চাজিদ খানক টংলা পৌৰসভাৰ অধ্যক্ষৰ গুণ্ডাবাহিনীৰ আক্ৰমণ

June 26, 2021 1:14 pm · এন ই নাও নিউজ
সাংবাদিক চাজিদ খান। ফটো: নৰ্থইষ্ট নাও।

টংলা পৌৰসভা অধ্যক্ষ আৰু খালিংদুৱাৰৰ এমচিএলএ তথা ইউপিপিএলৰ নেতা দিলীপ বড়োৰ গুণ্ডাবাহিনীয়ে আজি নৰ্থ-ইষ্ট নাওৰ ওদালগুৰিৰ সাংবাদিক চাজিদ খানক টংলা চহৰত আক্ৰমণ কৰে।

দিলীপ বড়োৰ গুণ্ডাবাহিনীয়ে টংলাৰ প্ৰায় ২৫০টাকৈ বগলীৰ মৃত্যু ঘটা ঘটনাস্থলীতে সাংবাদিকগৰাকীক আক্ৰমণ কৰে।

সাংবাদিকগৰাকীয়ে টংলা পৌৰসভাই এজোপা বাঁহত আশ্ৰয় লৈ থকা প্ৰায় ২৫০টাকৈ বগলী হত্যা কৰাৰ বাতৰি নৰ্থইষ্ট নাওত সবিস্তাৰে ফাদিল কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে অসহিষ্ণু অধ্যক্ষই গুণ্ডাবাহিনী লগাই সাংবাদিকগৰাকীক আক্ৰমণ কৰে।

সাংবাদিকগৰাকীয়ে এই আক্ৰমণৰ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্তক তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে অতিমাৰী কৰ’না’ৰ দোহাই দি বৃহস্পতিবাৰে টংলা পৌৰসভাই শতাধিক বগলী হত্যা কৰাৰ পিছতে সাংবাদিক খানে সমগ্ৰ ঘটনা নৰ্থ-ইষ্ট নাওত ফাদিল কৰিছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে বনমন্ত্ৰী পৰিমল শুকল‍্যবৈদ্যক তদন্তৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য বৃহস্পতিবাৰে টংলা পৌৰসভাই ১ নং ওৱাৰ্ড’ৰ লোকজীৎ সুতাৰ’ৰ বাঁহ গছ’ত আশ্ৰয় লৈ থকা প্ৰায় ২৫০টা বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল।

মূল চহৰৰ পৰা কিছু আঁতৰত অৱস্থিত লোকজীৎ সুতাৰ’ৰ ঘৰৰ বাঁহত অন্য বছৰৰ দৰে এইবেলিও শ শ বগলী পোৱালি জগাবলৈ আহিছিল।

লোকজীৎ সুতাৰে জানিব দিয়া মতে, মাত্ৰ দুমাহ তেওঁ লোক জিৰণি লৈ পোৱালি বোৰ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ পৰা আঁতৰি যায়।

প্ৰতি বছৰে তেওঁলোকৰ এই অহা যোৱা কাৰ্য্য চলি থাকে। কিন্তু নিৰ্দয়, হৃদয়হীন এচাম লোকৰ কৱলত পৰি তেওঁ লোকৰ সন্তানৰ লগতে, তেওঁলোকৰ পৰিয়ালবোৰ চিৰদিনৰ বাবে হেৰুৱালে।

শুকুৰবাৰে এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ প্ৰকৃতি প্ৰেমী সকলৰ লগতে বৌদ্ধিক সমাজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লোকজীৎ সুতাৰৰ ঘৰত বছৰ বছৰ ধৰি বগলী চৰাইবোৰৰ এই কাৰ্য্য অব্যাহত আছে যদিও এইবাৰ হঠাতে কিয় বগলীয়ে পৰিবেশ বিনষ্ট কৰিলে সেয়া এক ৰহস্যজনক কথা হৈ পৰিছে।

চলিত মাহৰ ৮ তাৰিখে চহৰ খনৰ ১ আৰু ২ নং ওৱাৰ্ড’ৰ পাঁচ ঘৰ পৰিয়ালৰ লোকক তেওঁ লোকৰ বাঁহবোৰ কাটিবৰ বাবে টংলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা নগৰ আৰু গাঁও উন্নয়ন পৰিকল্পনা বিভাগৰ ওদালগুৰি জিলাৰ সহ: সঞ্চালক শান্তনু কুমাৰ দাসে এক জাননী জাৰি কৰিছিল। কিন্তু কাৰ্য্যবাহী বিষয়া গৰাকীৰ এই জাননীৰ ওপৰত ভিত্তি কৰিয়ে পৌৰসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ তথা খালিংদুৱাৰ এম চি এল এ (MCLA) দিলীপ বড়োৰ লিখিত নিৰ্দেশত,পৌৰসভাই এনেদৰে বগলীবোৰহত্যা কৰিছিল।

উল্লেখযোগ্য ৰাজনৈতিক দল ইউ পি পি এল দলৰ পৰা প্ৰথম বাৰৰ বাবে টংলা খালিংদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বড়োয়ে যোৱা ২১ জুনত টংলা পৌৰসভাৰ সভাপতি পদ লাভ কৰিছিল। আনহাতে, লোকজীৎ সুতাৰৰ নিচেই কাষতে এম চি এল এ দিলীপ বড়োৰ ঘৰ।

Related News