ইছলামিক সাহিত্য সভা গঠনৰ বিৰুদ্ধে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কঠোৰ সকীয়নি

Assam-Islami-Sahitya-Sabha-banner-750x375

অসম ইছলামিক সাহিত্য সভাৰ এখন বৈঠক। ফটো উৎস: ফেইচবুক

‘’অসমীয়া জাতি কোনো বিশেষ ধৰ্মীয় পন্থাৰ ওপৰত গঠন হোৱা নাছিল, গঠন হৈছিল বিভিন্ন জনজাতীয়, জনগোষ্ঠীয় পৰিচয়ৰে বসবাস কৰি থকা ভূমিপুত্ৰ সকলৰ মাজৰ  পাৰস্পৰিক বুজাপৰা আৰু সামাজিক সমন্বয়ৰ জৰিয়তে।‘’

সম্প্ৰতি অসমত ইছলামিক সাহিত্য সভা গঠনক লৈ চলি থকা চৰ্চাৰ মাজতে এই মন্তব্য সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ।

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয়,’’এই সমন্বয় গঢ় লৈছিল জনগোষ্ঠীয়  ভিন্ন ভাষিক লোকৰ মুখবাগৰি  পৰ্যায়ক্ৰমে সৃষ্টি হোৱা সংযোগী ভাষা অসমীয়াৰ জৰিয়তে। অৰ্থাৎ ধৰ্মনিৰপেক্ষ অসমীয়া সমাজ জীৱনত কোনো  ধৰ্মীয় উন্মাদনাত সৃষ্টি হোৱা সাহিত্যই ধৰ্মীয় নাম লৈ খ্ৰীষ্টান সাহিত্য সভা , হিন্দু সাহিত্য সভা , ইছলামীয় সাহিত্য সভা আদি সাহিত্য অনুষ্ঠান  সৃষ্টি হোৱা নজিৰ নাই ।‘’

‘’তেনে অৱস্থাত হঠাৎ কোনোবা কাছিমী উপাধিধাৰী  ব্যক্তিৰ তৎপৰতাত ঐতিহাসিক অসমভূমিৰ সমাজ-সংস্কৃতিক নস্যাৎ কৰি ইছলমিক সাহিত্য সভা  গঠন কৰা কাৰ্য কোনোদিনে গ্ৰহনযোগ্য হব নোৱাৰে। আমি ইয়াৰ তীব্ৰ বিৰোধ কৰো,’’-আহমেদে কয়।

তেওঁ লগতে কয়, ‘’যি সময়ত অসমৰ ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়াই লাখ লাখ  বহিৰাগত মুছলমানৰ ধৰ্মীয় পৰিচয়ৰ একাকীকৰণৰ ফলশ্ৰুতিত খিলঞ্জীয়া হৈও খিলঞ্জীয়াৰ পৰিচয় বিভ্ৰান্তিত পৰিছে, সেইসময়ত এনেধৰণে খিলঞ্জীয়া লোকৰ মাজত ধৰ্মৰ ওপৰত ভিত্তি কৰি গঠন কৰা সাহিত্য সভাই  অসমীয়া জাতীয় জীৱনত এক সাংঘাটিক কুপ্ৰভাৱ পেলাব আৰু ইছলামধৰ্মালম্বী গৰিয়া, মৰিয়া, দেশী সকলৰ মাজত ধৰ্মীয় পৰিচয়ৰ অৱতাৰণাৰে সাংস্কৃতিক সংঘাট আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিব।‘’

সভাপতি গৰাকীয়ে  ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়া, মৰিয়া, দেশী সকলৰ জনগোষ্ঠীয় পৰিচয় বিভ্ৰান্তি ঘটোৱাৰ বাবে এনেদৰে ষড়যন্ত্ৰ ৰচনা কৰা ষড়যন্ত্ৰকাৰী সকলক শীঘ্ৰে ধৰ্মৰ নামত সাহিত্য পৰিষদ গঠন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নী প্ৰদান কৰে।

‘’যদি সচাকৈয়ে তেওঁলোকৰ অসম তথা অসমীয়াৰ প্ৰতি তিলমানো দায়বদ্ধতা থাকে তেনেহলে ধৰ্মৰ ওপৰত নহয়, অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ গৰিয়া, মৰিয়া, দেশী সকলৰ জনগোষ্ঠীয় লোকাচাৰ আৰু কথিত ভাষাৰ ওপৰত সাহিত্য পৰিষদ গঠন কৰক। অন্যথা অসমভূমি ত্যাগ কৰি কোনোবা ইছলামীয় দেশত গৈ সাহিত্য চৰ্চা কৰক’’-আহমেদে স্পষ্ট কৰি দিয়ে।