ভাৰতীয় ফুটবল দললৈ নিৰ্বাচিত অসমৰ বিনীত ৰায় আৰু গৌৰৱ বৰা

Gourab Bora & Vineet Rai

ভাৰতীয় ফুটবল দললৈ নিৰ্বাচিত হৈছে অসমৰ দুজন উদীয়মান ফুটবলাৰ। অতি প্ৰতিভাসম্পন্ন খেলুৱৈ দুগৰাকী হ’ল গৌৰৱ বৰা আৰু বিনীত ৰায় । দুয়োগৰাকী খেলুৱৈয়ে এ এফ চি ২৩ অনূৰ্ধ্ব এছিয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণয় ৰাউণ্ডৰ মেচৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে।

উল্লেখ্য যে সদ্য সমাপ্ত চলিত ছিজনৰ আই লীগত চেন্নাই চিটিৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়াইছিল গৌৰৱ বৰাই। লীগৰ নিৰ্ণায়ক মেচত মিনাৰ্ভা পাঞ্জাৱ এফ চিৰ বিৰুদ্ধে বৰাই ৬৯ আৰু এক্সট্ৰা টাইমত দিয়া দুটাকৈ গ’লৰ সহায়ত প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল চেন্নাই চিটিয়ে। সেই প্ৰদৰ্শনৰ সুবাদতে গৌৰৱ বৰা নিৰ্বাচিত হৈছে ভাৰতীয় দললৈ।

আনহাতে অসমৰ আন এগৰাকী প্ৰতিভাসম্পন্ন ফুটবলাৰ তথা আই এছ এলৰ দিল্লী ডায়নামোজক প্ৰতিনিধিত্ব কৰা বিনীত ৰায়ে ঘৰুৱা ফুটবলত দেখুৱাই অহা উন্নত প্ৰদৰ্শনৰ বাবেই ২৩ অনূৰ্ধ্ব দলটোত স্থান লাভ কৰিছে।

ইয়াৰ পূৰ্বে আবু ধাবিত অনুষ্ঠিত হোৱা ১৭ সংখ্যক এ এফ চি এছিয়া কাপৰ ২৮ জনীয়া ভাৰতীয় দলতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বিনীত ৰায়।

কোনোবাৰেই এ এফ চি ২৩ অনূৰ্ধ্ব এছিয়ান চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱৰা ভাৰতীয় দলটোৰ সন্মুখত এইবাৰো হ’ব কঠিন প্ৰত্যাহ্বান। ভাৰতৰ গ্ৰুপত আছে ডিফেণ্ডিং চেম্পিয়ন উজবেকিস্তান আৰু তাজিকিস্তান।

অহা ২২ মাৰ্চৰ পৰা উজবেকিস্তানৰ তাছখণ্ডত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখনৰ প্ৰথম মেচতে ভাৰত মুখামুখি হ’ব উজবেকিস্তানৰ বিৰুদ্ধে।

ভাৰতীয় দলটো বুধবাৰে নিশা উজবেকিস্তান অভিমুখে ৰাওনা হৈছে। দলটোত অসমৰ খেলুৱৈ দুজনৰ উপৰি উত্তৰ-পূবৰ পাঁচগৰাকী খেলুৱৈ আছে।