অহা বৰ্ষৰ পৰা অসম চৰকাৰে আগবঢ়াব আন্তঃৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ সাহিত্য বঁটা

৯ ফেব্ৰুৱাৰিত তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী

প্ৰাচীন ব্ৰহ্মপুত্ৰ সভ্যতাক বিশ্বৰ বুকুত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অহা বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১০ লাখ টকা মূল্যৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ সাহিত্য বঁটা। ৯ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘোষণা কৰে।

আনহাতে, উক্ত বঁটাৰ সমান্তৰালকৈ অসমৰ সাহিত্যক্ষেত্ৰলৈ উল্লেখনীয় অৰিহণা আগবঢ়োৱা যুৱ সাহিত্যিকসকললৈয়ো চৰকাৰে ৫ লাখ টকা মূল্যৰ যুৱ সাহিত্য বঁটা আগবঢ়াব।

উদ্ধোধনী ভাষণত সোণোৱালে কয়, ‘গ্ৰন্থ প্ৰণয়নেই হৈছে মানৱতা আৰু সমাজৰ প্ৰতি সৰ্বোত্তম বৰঙণি। যুৱ প্ৰজন্মই কঠোৰ পৰিশ্ৰমেৰে প্ৰতিভাৰ বিকাশ কৰিব লাগিব।‘

আনহাতে কালিৰ এই সভাত পৌৰোহিত্য কৰি শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় যে সাহিত্য উৎসৱৰ দৰে অনুষ্ঠানে সাহিত্যিকসকলক, বিশেষকৈ যুৱ সাহিত্যিকসকলক নতুন সৃষ্টিৰ বাবে বিপুলভাৱে আলোড়িত কৰে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা অনুষ্ঠিত তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত জনপ্ৰিয় ঔপন্যাসিক ড০ ৰীতা চৌধুৰী, ম্যানমাৰৰ খ্যাতিমান সাহিত্যিক ড০ মা থিদাৰকে ধৰি দেশ-বিদেশৰ কেইবাগৰাকী খ্যাতিমান সাহিত্যিকে অংশগ্ৰহণ কৰিছে।