বুধবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত জনাইছে যে চৰকাৰী মাটিৰ ওপৰত কোনো ব্যক্তি বা সংস্থাই অধিকাৰ দাবী কৰিব নোৱাৰে। ৱাকফ নীতিৰ অধীনত ব্যৱহাৰকাৰীৰ অধিকাৰৰ ভিত্তিত ঘোষণা কৰা সম্পত্তিক পুনৰ উদ্ধাৰ কৰাৰ আইনী ক্ষমতা চৰকাৰৰ হাতত আছে। আনকি আনুষ্ঠানিক নথিপত্ৰ নোহোৱাৰ পিছতো ৱাকফ ব্যৱস্থাৰ অধীনত কোনো সম্পত্তিক ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে দীৰ্ঘম্যাদীভাৱে ব্যৱহাৰৰ ভিত্তিত ৱাকফ হিচাপে স্বীকৃতি দিয়া হয়। ৱাকফ আইন, ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ উত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠৰ সন্মুখত কেন্দ্ৰৰ পক্ষত যুক্তি আগবঢ়াইছে।
ছলিচিটৰ জেনেৰেলে স্পষ্ট কৰি দিছে যে চৰকাৰী মাটিৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ অধিকাৰ নাই আৰু এনে মাটিক ৱাকফ হিচাপে ঘোষণা কৰা হ’লেও চৰকাৰে তাক ৰক্ষা বা উদ্ধাৰ কৰাৰ ক্ষমতা ৰাখে। তেওঁৰ মতে, সংসদৰ এই আইন গ্ৰহণৰ যোগ্যতাৰ ওপৰত কোনো প্ৰশ্ন উত্থাপন কৰা হোৱা নাই।
এই গোচৰ ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা আৰু চৰকাৰী মাটিৰ মালিকীৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৃষ্টি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ৰায়ে ৱাকফ আইনৰ সাংবিধানিক বৈধতা আৰু চৰকাৰী সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিব পাৰে। এই গোচৰৰ শুনানিৰ ফলাফলৰ ওপৰত দেশৰ ৱাকফ ব্যৱস্থা ভৱিষ্যতৰ লগতে চৰকাৰী মাটিৰ ব্যৱহাৰৰ নীতিৰ ওপৰতো প্ৰভাৱ পৰিব।