এন আৰ চিৰ পৰা  বাদ পৰা লোকৰ দায়িত্ব ল’ব লাগিব চৰকাৰে : বিশ্বজিৎ দৈমাৰী

IMG_20180815_095012 (1)

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ফাইল ফটো। ফটো : নৰ্থ-ইষ্ট নাও

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি প্ৰকাশ পোৱাৰ পাছত এন আৰ চিৰ পৰা বাদ পৰা লোকসকল বা অবৈধ নাগৰিকসকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে চৰকাৰক প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা বি পি এফৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে।

সাসংদ দৈমাৰীয়ে বুধবাৰে গুৱাহাটীত সাংবাদিকৰে হোৱা কথা বাৰ্তাত কয় যে এন আৰ চিত অসমত বাস কৰা প্ৰতিজন অসমীয়াৰে নাম সোমাব লাগিব আৰু ইয়াৰ পৰা বাদ পৰা লোকসকলৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই ক্ষেত্ৰত চোকা নজৰ ৰাখিব লাগিব জনসাধাৰণে।

উল্লেখ্য যে এন আৰ চিৰ চূড়ান্ত খচৰা সন্দৰ্ভত ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ বাবে পূৰ্বৰ ১৫ প্ৰকাৰৰ নথিৰ ভিতৰত ৫ বিধ নথি অগ্ৰাহ্য কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়লৈ পৰামৰ্শ প্ৰেৰণ কৰা সন্দৰ্ভত সাংসদ দৈমাৰীয়ে কয় যে হাজেলাই প্ৰস্তাৱহে দিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

আনহাতে তেওঁ লগতে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে এন আৰ চি উন্নীতকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে যি সিদ্ধান্ত লয় তাক সকলোৱে সন্মান কৰিব লাগিব বা সেই অনুসৰিহে সকলো কাম-কাজ হ’ব।