চাহ শ্ৰমিকক ভূমি দিবলৈ চৰকাৰে চিলিং উদ্বৃত্ত ভূমি জৰীপৰ পদক্ষেপ লৈছে : মুখ্য মন্ত্ৰী

অসম চাহ মজদুৰ সংঘৰ সৈতে বৈঠক মুখ্য মন্ত্ৰীৰ; উপস্থিত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ

অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিৰ সৈতে বৈঠক মুখ্য মন্ত্ৰীৰ। ১১ জানুৱাৰিত।

অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিৰ সৈতে ১১ জানুৱাৰিত অনুষ্ঠিত এখন বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছে যে অসম চৰকাৰে চাহ বাগিচাবোৰত চিলিং উদ্বৃত্ত ভূমি জৰীপৰ বাবে পদক্ষেপ লৈছে। জৰীপ চলোৱাৰ পিছত চিলিং উদ্বৃত্ত ভূমি চাহ শ্ৰমিকসকলক দিয়া হ’ব।

চৰকাৰে প্ৰেৰণ কৰা এটা বিবৃতিত কোৱা হৈছে যে চাহ শ্ৰমিকসকলৰ বাবে লোৱা বিভিন্ন আঁচনিবোৰৰ ৰূপায়ণ সম্পৰ্কে বুজ ল’বৰ বাবে ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগ আৰু চাহ জনজাতি কল্যাণ বিভাগে অসম শ্ৰমিক ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত এই বৈঠক অনুষ্ঠিত কৰিছিল আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিসকলকো তালৈ মতা হৈছিল।

ৰাজ্য চৰকাৰখনে চাহ শ্ৰমিকসকলৰ বাবে লোৱা শৈক্ষিক, স্বাস্থ্যকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনিবোৰ সম্পৰ্কত যাতে উপযুক্ত সজাগতাৰ সৃষ্টি কৰিব পাৰি, তাৰ বাবেই অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ কৰা হৈছে বুলি বিবৃতিটোত কোৱা হয়।

বৈঠকত সোণোৱালে এচাম দুষ্ট লোকে চাহ শ্ৰমিকসকলৰ বাবে লোৱা আঁচনিবোৰৰ বিভিন্ন দিশ সম্পৰ্কে অপপ্ৰচাৰ চলাই আছে বুলিও বৈঠকত অভিযোগ কৰে। তেওঁ এই অপপ্ৰচাৰৰ প্ৰতি চোকা দৃষ্টি ৰাখি চৰকাৰী পদক্ষেপবোৰলৈ সহযোগিতা আগ বঢ়াবলৈ চাহ মজদুৰ সংঘক আহ্বান জনায়।

বৈঠকত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰো উপস্থিত থাকে আৰু তেওঁ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে চিন্তা কৰা বাবে মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ দিয়ে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰতিখন আঁচনিৰ সুফল যাতে লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীসকলে লাভ কৰিব পাৰে তাৰ বাবে উপযুক্ত সজাগতা সৃষ্টিৰ পদক্ষেপত তেওঁলোক আন্তৰিকতাৰে সহযোগিতা আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰাক্তন সাংসদজনে।

বৈঠকত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, লোকসভাৰ সাংসদ পল্লৱলোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও আৰু কেইবাজনো বিধায়ক উপস্থিত আছিল।